অসম

assam

ETV Bharat / state

আৰম্ভ হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক কাম-কাজ - মাজুলী

সোমবাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাম-কাজ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা বুলি ঘোষণা কৰে উপাচাৰ্য ডম্বৰুধৰ নাথে ৷

আৰম্ভ হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক কাম-কাজ

By

Published : Jun 10, 2019, 10:02 PM IST

মাজুলী,10 জুনঃ সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাম কাজ ৷ বিতৰ্কিত উপাচাৰ্য ড0 ডম্বৰুধৰ নাথে সোমবাৰে মাজুলীত উপস্থিত হৈ এই ঘোষণা কৰে । মাজুলী কমলাবাৰী ফেৰী ঘাটত মাজুলীৰ ভালেসংখ্যক সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে খোল-তাল আৰু গায়ন-বায়নেৰে আদৰণি জনায় নৱনিযুক্ত উপাচাৰ্য গৰাকীক । ইয়াৰ পাছতে উপাচাৰ্য্য গৰাকীয়ে গড়মূৰ আৱৰ্ত ভৱনত এক সংবাদ মেল সম্বোধন কৰে । সংবাদমেলত ডক্টৰ ডম্বৰুধৰ নাথে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন কেনে হ’ব তাৰ এটা আভাস দিয়াৰ লগতে অহা এটা বছৰৰ পাছত অৰ্থাৎ আগন্তুক বৰ্ষৰ পৰা ছাত্ৰ ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে । মাজুলী মহাবিদ্যালয়তেই পাঠ আৰম্ভ হ’ব সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৷

আৰম্ভ হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক কাম-কাজ

ইফালে ডম্বৰুধৰ নাথৰ বিতৰ্কিত ঘটনাৰাজিৰ সন্দৰ্ভত কমলাবাৰী ফেৰী ঘাটত ডম্বৰুধৰ নাথৰ সমৰ্থক আৰু এটা ব্যক্তিগত সংবাদ মাধ্যমৰ কৰ্মীৰ মাজত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ সমগ্ৰ বিতৰ্কৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে ফেৰীঘাটৰ ঘটনা সন্দৰ্ভত ক্ষমা খোজে উপাচাৰ্যগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details