অসম

assam

ETV Bharat / state

Banikanta Kakati Merit Award : মাজুলীৰ ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান - বিধায়ক ভুবন গাম

মাজুলীত বিতৰণ কৰা হ’ল ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati Merit Award) ৷ মাজুলীৰ ১৭০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় ৷

Banikanta Kakati Merit Award
মাজুলীৰ ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

By

Published : Dec 10, 2022, 8:10 PM IST

মাজুলীৰ ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

মাজুলী, 10 ডিচেম্বৰ : প্ৰজ্ঞান ভাৰতী আঁচনিৰ(Pragyan Bharati Scooty Scheme) অধীনত শনিবাৰে মাজুলী জিলাত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ(Dr Banikanta Kakati Merit Award) কাৰ্যসূচী অনুষ্ঠিত হয় ৷ গঁড়মূৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ(Sankar Dev Kristi Sangha) অনুষ্ঠিত মাজুলীৰ ১৭০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ এই বঁটা প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, 30 নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) খানাপাৰাত কেন্দ্ৰীয়ভাৱে 2022 বৰ্ষৰ ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ বিতৰণ আৰম্ভ কৰিছিল ৷ ইয়াৰ পাছতে ৰাজ্যৰ ভিন্ন জিলাত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ আৰু 60 শতাংশ নম্বৰ লাভ কৰা ছাত্ৰীৰ মাজত এই বঁটা বিতৰণ অব্যাহত আছে ৷ সেই অনুসৰি শনিবাৰে মাজুলীতো বিতৰণ কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷

মাজুলীৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education minister Ranoj Pegu) আৰু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে মাজুলীৰ বিধায়ক ভুবন গাম(MLA Bhuban Gam) ৷ এই বঁটা প্ৰদান কৰি ৰণোজ পেগুৱে অন্য জিলাৰ তুলনাত মাজুলীৰ ফলাফল বেয়া হোৱা বুলি মন্তব্য কৰে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতেই কয় যে ডিচেম্বৰ মাহতেই শিক্ষক নিযুক্তিৰ বৃহৎ বিজ্ঞাপন প্ৰকাশ পাব ৷

ইফালে শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদ মাধ্যমৰ সন্মুখত কয় য়ে, মাজুলীৰ পৰা উত্তৰ অসমলৈ(Majuli Lakhimpur bridge) যাতায়তৰ সুচল হোৱাকৈ দেওবাৰে দলঙৰ ভূমি পূজন কৰা হ’ব ৷

লগতে পঢ়ক :Minister Chandra Mohan Patowary : ৰাজহুৱাভাৱে দলীয় কৰ্মীক এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে

ABOUT THE AUTHOR

...view details