অসম

assam

By

Published : Jul 30, 2021, 5:42 PM IST

Updated : Jul 30, 2021, 6:32 PM IST

ETV Bharat / state

ব্ৰহ্মপুত্ৰক লৈ কিয় শংকিত হৈছে মাজুলী ?

চলিত বৰ্ষত অস্বাভাৱিক ভাৱে হ্ৰাস পাইছে ব্রহ্মপুত্ৰ (Brahmaputra) নদীৰ জলস্তৰ ৷ ইতিহাসে ঢুকি পোৱা দিনৰে পৰা ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ ওফোন্দি থকা ৰূপ এইবেলি দেখিবলৈ পোৱা নাই ৰাইজে ।

down going water level of Brahmaputra rivrer made people of majuli worry about it
ব্ৰহ্মপুত্ৰকলৈ কিয় সংকিত হৈছে মাজুলী

মাজুলী, 30 জুলাই : শাওণ মাহ মানেই ৰাজ্যত ভৰ বাৰিষাৰ সময় । চিৰ প্ৰবাহমান ব্ৰহ্মপুত্ৰৰ বলীয়া বানত ওভন্দি ৰাজ্যৰ নৈ, উপনৈসমূহ । কিন্তু, এইবেলি ব্ৰহ্মপুত্ৰ(Brahmaputra river)ৰ সেই ৰূদ্ৰ ৰূপ দেখিবলৈ পোৱা নাই নৈ পৰীয়াই । অতি আচৰিত ধৰণে ভৰ বাৰিষাতো(monsoon) শুকাই থাকিল ব্ৰহ্মপুত্ৰৰ বালি চাপৰি ।

ইতিহাসে ঢুকি পোৱা দিনৰে পৰা ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ ৰূদ্ৰ ৰূপটোহে দেখি আহিছে ৰাইজে । কিন্তু লক্ষ্যণীয়ভাৱে এইবেলি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ(water level of Brahmaputra rivrer) সাংঘাটিক ধৰণে কমি যোৱা পৰিলক্ষিত হৈছে । আনকালে শাওনৰ ভৰ বাৰিষাত ফেনে-ফোটোকাৰে ওফন্দি থকা ব্ৰহ্মপুত্ৰৰ চঞ্চল বোৱতি ধাৰা দেখিবলৈ পোৱা নাই ৰাইজে ।

ইয়াকে লৈ চীনে মহাবাহু ব্ৰহ্মপুত্ৰক ভেটি তিব্বতৰ নামনি(lower Tibet)ত বৃহৎ বৃহৎ নদী বান্ধ তৈয়াৰ কৰিছে নেকি বুলিও নৈপৰীয়া ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে ৷ এই লৈ নৈপৰীয়া সৰ্ব সাধাৰণ ৰাইজৰ মাজত আতংকৰো সৃষ্টি হোৱা দেখা গৈছে।

সমগ্ৰ ৰাজ্যৰ লগতে নদীদ্বীপ মাজুলী (river island Majuli)তো এইবাৰ শাওনৰ সেই ওফন্দি থকা ব্ৰহ্মপুত্ৰ দেখিবলৈ পোৱা নাই ৰাইজে । ইয়াৰ বাবে এতিয়া গভীৰ চিন্তাত পৰিছে মাজুলীৰ সচেতন ৰাইজ । যি ব্ৰহ্মপুত্ৰক লৈয়ে মাজুলীৰ সৌন্দৰ্য বিশ্বব্যাপি জনাজাত প্ৰকৃতিৰ সেই অপৰূপ সৌন্দৰ্য যেন ব্ৰহ্মপুত্ৰৰ এই নতুন ৰূপৰ সৈতে বহু পৰিমানে ম্লান পৰিছে । লক্ষ্যণীয়ভাৱে এইবেলি বৰষুণো তেনেই কম হোৱাৰ বাবেও ৰাইজ এতিয়া চিন্তাত পৰা দেখা গৈছে ।

লগতে পঢ়ক :অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে ?

Last Updated : Jul 30, 2021, 6:32 PM IST

ABOUT THE AUTHOR

...view details