মাজুলী, 4 মে' :মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ মহকুমা অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে আশ্চৰ্যজনক ঘটনা ৷চিকিৎসালয়ৰ অধীক্ষকে চিকিৎসলয়ৰ পৰা বাহিৰ কৰি দিলে এগৰাকী গৰ্ভৱতীক ৷ হাতে-ভৰিয়ে ধৰিও চিকিৎসাৰ বাবে সৈমান কৰাব নোৱাৰিলে চিকিৎসা বিষয়াগৰাকীক ৷ বাহিৰ কৰি দিলে মহিলাগৰাকীৰ আত্মীয়কো ৷ কিন্তু যি কাৰণত ঘটনাটো সংঘটিত হ'ল, সেই কাৰণ জানিলে সকলো আচৰিত হ'ব ৷
ঘটনা অনুসৰি, কিছুদিন পূৰ্বে মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থা সম্পৰ্কে ফেচবুকত এটি পোষ্ট দিছিল মহিলাগৰাকীৰ আত্মীয়ই ৷ এই ক্ষোভতেই চিকিৎসালয়ৰ অধীক্ষক ডা৹ অমূল্য গোস্বামীয়ে গৰ্ভৱতী মহিলা গৰাকীক চিকিৎসা সেৱা নকৰি বাহিৰ কৰি দিছে চিকিৎসালয়ৰ পৰা ।