মাজুলী, 8 আগষ্ট :দেওবাৰে মাজুলীৰ জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ফিজু দত্তই কংগ্ৰেছ(congress)ৰ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে । বহু বছৰ ধৰি কংগ্ৰেছ দলৰ লগত থকা ফিজু দত্তই দেওবাৰে এক সংবাদ মেল পাতি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ সকলো বিষয়-বাব এৰাৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱাৰ কথা অৱগত কৰে । যদিও, কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে তথাপিও দলৰ প্ৰতি থকা শ্ৰদ্ধা আগৰ দৰে একেই থাকিব বুলি জানিবলৈ দিয়ে ।
ইফালে, সাংবাদিক সোধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, আজিৰ দিনলৈকে আন দলত যোগ দান কৰা কথা তেওঁ ভবা নাই ৷ তেওঁ লগতে কয় যে, সৰুৰে পৰা তেওঁ ৰাজনীতি লগত জড়িত আৰু সমাজৰ কাম কৰি তেওঁ ভাল পায় ৷ অনাগত দিনত যদি আন কোনো দলত যোগদান কৰিব লগা পৰিবেশ আহে তেওঁ সকলোকে অৱগত কৰিব বুলিও জানিবলৈ দিয়ে ।
খঁহি পৰিছে তাচপাতৰ সাম্ৰাজ্য : কংগ্ৰেছত অব্যাহত দল ত্যাগৰ ঢৌ উল্লেখ্য যে, একালৰ কংগ্ৰছৰ শক্তিশালী সমষ্টি মাজুলীত একেৰাহে দুবাৰকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে পৰাজয়ৰ সমুখীন হৈছে ৷ সমষ্টিটোত পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Ex CM Sarbananda Sonowal)ৰ হাতত একালৰ কংগ্ৰেছৰ প্ৰতাপী নেতা ৰাজীৱ লোচন পেগু(Rajib Lochan Pegu) দুবাৰকৈ পৰাজিত হৈছে ৷ শেহতীয়াকৈ, প্ৰাক্তন মন্ত্ৰী পেগুৰ বিজেপি গমনৰ খবৰেও ৰাজ্যৰ ৰাজনীতিত যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷
ইফালে, সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্ব(union ministry) লাভ কৰি দিল্লীলৈ যোৱাৰ লগে লগে সমষ্টিটোত উপনিৰ্বাচন হোৱাতো নিশ্চিত হৈ পৰিল ৷ সুযোগৰ সঠিক ব্যৱহাৰ কৰি সমষ্টিটো পুনৰ দখলৰ বাবে কংগ্ৰেছে প্ৰাক্তনমন্ত্ৰী বসন্ত দাসৰ নেতৃত্বত এখন পৰ্যবেক্ষণ কমিটী গঠন কৰি সমষ্টিটোত ভেটি সুদৃঢ় কৰাৰ চেষ্টা চলাইছে ৷ পিছে, একে সময়তে জিলা কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতা ফিজু দত্তই কংগ্ৰেছৰ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ ঘটনাই এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক :বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দল !