মাজুলী,31 জুলাই:মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায় ৷ দুই কিশোৰী ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতে ৷ বিগত জানুৱাৰী মাহৰ ২৮ তাৰিখে মাজুলীত এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল দুই লম্পটে ৷ কণ ভড়ালী ওৰফে মানস আৰু ৰাতুল ভড়ালী নামৰ দুই লম্পটে নাৱালিকাক ধৰ্ষণ কৰিছিল ৷ নাবালিকাক ধৰ্ষণ কৰাৰ বাবে POSCO আইনৰ ভিত্তিত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷
সেই ধৰ্ষণ ঘটনাৰ গোচৰ আদালত চলি আছিল আৰু সোমবাৰে দুই অভিযুক্ত কণ ভৰালী আৰু ৰাতুল ভৰালীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদানৰ ৰায়দান দিয়ে মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতে ৷ আনহাতে এই গোচৰৰ ৰায়দান মাজুলীৰ জিলা সত্ৰ ন্যায়ধীশৰ আদালতৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ৷ কাৰণ মাজুলীৰ জিলা সত্ৰ ন্যায়ধীশৰ আদালত চলি থকা গোচৰ অন্তিমটো গোচৰৰ আজি ৰায়দান সম্পূৰ্ণ হয় ৷