অসম

assam

ETV Bharat / state

Covid 19 Vaccine: গৰু-ছাগলীৰ দৰে ৰাইজক প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক ! - discrepancy in covid vaccination at majuli

ক’ত কেনেকৈ প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক ? চৰকাৰী নীতি-নিৰ্দেশনা মানি অসমৰ স্বাস্থ্যকৰ্মীয়ে প্ৰদান কৰিছেনে ক’ভিড প্ৰতিষেধক (Covid 19 Vaccine in assam) ? আপুনি হয়টো শুনি আচৰিত হ’ব এইখন ৰাজ্যতে ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে গৰু-ছাগলীৰ দৰে ৷ সবিশেষ এই প্ৰতিবেদনত...

Covid 19 Vaccine
ক’ত কেনেকৈ প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক

By

Published : Nov 30, 2021, 8:10 PM IST

Updated : Nov 30, 2021, 8:45 PM IST

মাজুলী, 30 নৱেম্বৰ : আজৱ অসমৰ আজৱ কাণ্ড ৷ ক’ভিড প্ৰতিষেধক (Covid 19 Vaccine in assam) প্ৰদান কৰাটো অসমৰ চৰকাৰৰ স্বাস্থ্যকৰ্মীৰ বাবে যেন হৈ পৰিছে মূৰৰ কামোৰণি ৷ একাংশ স্বাস্থ্যকৰ্মীয়ে য’তে পাইছে, ত’তে ধৰি গৰু-ছাগলীৰ দৰে ৰাইজক দিছে ক’ভিড প্ৰতিষেধক ৷

ঘটনাৰ স্থান মাজুলীৰ যোগীবাৰী গাঁও ৷ মঙলবাৰে পথাৰৰ মাজতে বাইকৰ ওপৰতে স্বাস্থ্যকৰ্মীয়ে উৎপল পেগু নামৰ এজন গঞাক প্ৰদান কৰিলে ক’ভিড প্ৰতিষেধক । তাৰ পাছতে লাগিল অথন্তৰ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, পথাৰত ঘাঁহ কাটি আছিল প্ৰায় 37 বছৰীয়া উৎপল পেগু নামৰ যুৱকজনে ৷ সেই সময়তে পথাৰত উপস্থিত হয় স্বাস্থ্যকৰ্মীৰ এটা দল ৷ ক’ভিড প্ৰতিষেধক নোলোৱা বুলি জানিব পাৰি পথাৰৰ কাষতে বাইকৰ ওপৰত বহুৱাই ক’ভিড প্ৰতিষেধক দিয়া হ’ল উৎপল পেগুক ৷

Covid 19 Vaccine: গৰু-ছাগলীৰ দৰে ৰাইজক প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক !

প্ৰতিষেধক লোৱাৰ প্ৰায় 15-20 মিনিট পাছতে মাত বোল নোহোৱা হৈ পৰে উৎপল পেগুৰ ৷ পথাৰৰ মাজতে ক’ভিড প্ৰতিষেধক লৈ ঢলি পৰে উৎপল পেগু ৷ উপায়হীন সকলো ৷ কিছু সময়ৰ পাচতে দাংকোলা কৰি পথাৰৰ পৰা ঘৰলৈ লৈ অনা হয় আৰু ঘৰুৱা কিছু প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰা হয় যুৱকজনক ৷

লগতে পঢ়ক :New Covid variant Omicron : কি কয় স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে?

কিন্তু স্বাস্থ্যৰ অৱস্থা অধিক অৱনমিত ঘটাত স্থানীয় ৰাইজে যুৱকজনক লৈ যায় গড়মূৰ চিকিৎসালয়লৈ (Gormur Hospital) ৷ জানিব পৰা মতে, বৰ্তমান কিছু সুস্থিৰ হৈছে উৎপল পেগুৰ স্বাস্থ্য ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰে তীব্ৰ উত্তেজনাই ৷

আনহাতে, স্বাস্থ্যকৰ্মীৰ ভাষ্য অনুসৰি, পথাৰৰ মাজতে 37 বছৰীয়া উৎপল পেগুৱে ক’ভিড প্ৰতিষেধক ল’বলৈ মান্তি হৈছিল ৷ যাৰ বাবে পথাৰৰ মাজতে স্বাস্থ্যকৰ্মীয়ে ব্যক্তিজনক প্ৰদান কৰিছিল ক’ভিড প্ৰতিষেধক (discrepancy in Covid 19 vaccination at Majuli ) ৷ ইফালে প্ৰতিষেধক লোৱাৰ পাছত কিছু সময় সেই স্থানতে জিৰণি ল’বলৈ স্বাস্থ্যকৰ্মীৰ দলটোৱে উৎপল পেগুক অনুৰোধ জনাইছিল ৷

কিন্তু কাৰো কথা নুশুনি প্ৰতিষেধক লোৱাৰ পাছতে সেই স্থানৰ পৰা গুচি যাবলৈ উদ্যত হয় উৎপল পেগু ৷ যাৰ ফলত হঠাতে পথাৰৰ মাজতে ঢলি পৰে উৎপল ৷ আনহাতে, গড়মূৰ চিকিৎসালয়ৰ চিকিৎসকে উল্লেখ কৰা অনুসৰি, খালী পেটতে ক’ভিড প্ৰতিষেধক লোৱাৰ বাবে এনে অৱস্থা হয় উৎপল পেগুৰ ৷

লগতে পঢ়ক :Covid vaccination in Sivsagar : অকাৰণত প্ৰতিষেধক নল’লে দুই সহস্ৰাধিকে

Last Updated : Nov 30, 2021, 8:45 PM IST

ABOUT THE AUTHOR

...view details