অসম

assam

ETV Bharat / state

মাজুলীৰ মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ত ডিজিটেল শ্ৰেণী - মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ত ডিজিটেল শ্ৰেণী

মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক সকলৰ সহযোগত শিক্ষকসকলে(Digital classes at Morisuti School in Majuli) বুধবাৰৰ পৰা আৰম্ভ কৰিছে ডিজিটেল শ্ৰেণীৰ ব্যৱস্থা । যিসময়ত মাজুলীৰ বহু প্ৰথমিক বিদ্যালয়ত শিক্ষাদান কৰাত একাংশ শিক্ষকে গাফিলতি কৰি আহিছে তথা বহু চৰকাৰী বিদ্যালয়ৰ মৃত্যুঘন্টা বাজিছে তেনে সময়ত এই বিদ্যালয়খনে সম্পাদন কৰা আদৰ্শনীয় পদক্ষেপক ৰাইজে শলাগ লৈছে ৷

Digital classes at Morisuti School in Majuli
মাজুলীৰ মৰিসুতি প্ৰাথমিক বিদ্যালয়ত ডিজিটেল শ্ৰেণী

By

Published : Sep 21, 2022, 10:04 PM IST

মাজুলী, ২১ছেপ্টেম্বৰ: মাজুলীৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰি জিলাখনৰ অতি ভিতৰুৱা ৯৮ নং মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক সকলৰ সহযোগত শিক্ষকসকলে বুধবাৰৰ পৰা আৰম্ভ কৰিছে ডিজিটেল শ্ৰেণীৰ ব্যৱস্থা (Digital classes at Morisuti School in Majuli)। লগতে অভিভাৱকসকলে বিদ্যালয়খনলৈ প্ৰদান কৰিছে এটা স্মাৰ্ট টিভি ।

এই স্মাৰ্ট টিভিত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ৰূপৰেখা বৰা আৰু সহকাৰী শিক্ষক শৰৎ চন্দ্ৰ দাসে নিজা চেষ্টাৰে চৰকাৰৰ বিদ্যাঞ্জলী নামৰ পৰ্টেলৰ আৰ্হিৰে দৃশ্য শ্ৰব্যৰ মাধ্যমৰে আৰম্ভ কৰিছে পাঠদান । বুধবাৰে এক অনুষ্ঠানত মাজুলী খণ্ড শিক্ষা বিষয়া সৌৰভ বৰফুকনে বন্তি প্ৰজ্বলন কৰি এই ডিজিটেল ক্লাছ ৰূমৰ শুভাৰম্ভ কৰে ৷ উক্ত বিদ্যালয়খনত মাত্ৰ দুজন শিক্ষকে চলাই অহা পাঠদানত এই নৱ সংযোজনে শ্ৰেণীসমূহ কৰাত বহুখিনি সহায়ক হ'ব বুলি তেওঁ মন্তব্য কৰে ।

মাজুলীৰ মৰিসুতি প্ৰাথমিক বিদ্যালয়ত ডিজিটেল শ্ৰেণী

যিসময়ত মাজুলীৰ বহু প্ৰথমিক বিদ্যালয়ত শিক্ষাদান কৰাত একাংশ শিক্ষকে গাফিলতি কৰি আহিছে তথা বহু চৰকাৰী বিদ্যালয়ৰ মৃত্যুঘন্টা বাজিছে তেনে সময়ত এই বিদ্যালয়খনে সম্পাদন কৰা এই আৰ্দশনীয় পদক্ষেপক ৰাইজে শলাগ লৈছে ৷ দৃশ্য-শ্ৰব্যৰ মাধ্যমেৰে আৰম্ভ হোৱা এইখনেই মাজুলীৰ প্ৰথম বিদ্যালয় হিচাপে চিহ্নিত হৈছে । মৰিসুঁতি প্ৰাথমিক বিদ্যালয়ে গ্ৰহণ কৰা এনে কাৰ্যক অনুসৰণ কৰি মাজুলীৰ সকলো প্ৰাথমিক বিদ্যালয়ক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে ৷

প্ৰাথমিক বিদ্যালয়সমূহত এজন অথবা দুজন শিক্ষকেই পাঁচটাকৈ শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীক সম পৰিমানে শিক্ষা প্ৰদান কৰাত হোৱা সমস্যাত এনে ধৰণৰ ডিজিটেল শ্ৰেণীৰ ব্যৱস্থাই বহুখিনি উপকৃত কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷ ৯৮ নং মৰিসুঁতি প্ৰাথমিক বিদ্যালয়খনৰ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোটে ছাত্ৰছাত্ৰী সকলৰ শিক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি স্মাৰ্ট টিভিৰ যোগান ধৰা কাৰ্যকো শলাগ লয় শিক্ষা বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:কাৰ্বি শান্তিচুক্তি পুনৰীক্ষণৰ দাবীত ডিফুত জেচিচিপিৰ সংবাদমেল

ABOUT THE AUTHOR

...view details