অসম

assam

ETV Bharat / state

বানৰ ফলত জীৱ-জন্তুৰ হাহাকাৰ:মাজুলীত উদ্ধাৰ হৰিণা - উদ্ধাৰ হৰিণা

মাজুলীৰ লগত সংযুক্ত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । সেইবাবে মাজুলীৰ চৰ-চাপৰিত কাজিৰঙাৰ বনৰীয়া জীৱজন্তু সমূহে মুক্তভাৱে বিচৰণ কৰে ।

বানৰ ফলত জীৱ-জন্তুৰ হাহাকাৰ

By

Published : Jul 13, 2019, 11:24 AM IST

মাজুলী , ১৩ জুলাই: সমগ্ৰ ৰাজ্যতে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । বানৰ ফলত বনৰীয়া জীৱ-জন্তু হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । মাজুলীৰ লগত সংযুক্ত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । সেইবাবে মাজুলীৰ চৰ-চাপৰিত কাজিৰঙাৰ বনৰীয়া জীৱজন্তু সমূহে মুক্তভাৱে বিচৰণ কৰে ।

বানৰ ফলত জীৱ-জন্তুৰ হাহাকাৰ

কিন্তু বানত সকলো চাপৰি ডুবি যোৱাত জীৱকুললৈ ভয়ংকৰ সমস্যা নামি আহিছে । তেনে সময়তে শনিবাৰে মাজুলীৰ ভকত চাপৰিত ৰাইজে বানত উটি অহা এটা হৰিণা উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত অঞ্চলটোৰ ৰাইজে হৰিণাটো মাজুলী জিলা প্ৰশাসনৰ সাহাৰ্য বিতৰণকাৰী দলৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰে । প্ৰশাসনৰ দলটোৱে পাচত হৰিণাটো নিৰাপদে আনি জিলা বন বিভাগক গতাই দিয়ে । ইতিমধ্যে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই বানত উটি অহা হৰিণাটো প্ৰয়োজনীয় চিকিৎসাসহ সুৰক্ষিত ভাৱে ৰাখিবলৈ মাজুলীৰ ডিএফঅ'ক দায়িত্ব দিছে ।

ABOUT THE AUTHOR

...view details