নাও দুৰ্ঘটনা: মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ - nimatighat accident
12:15 September 14
দক্ষিণ আঁহতগুৰিৰ ভেকেলী চাপৰিত উদ্ধাৰ মৃতদেহটো ৷
যোৰহাট, 14 ছেপ্তম্বৰ :মঙলবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ জুৱলীত উদ্ধাৰ এটি মৃতদেহ ৷ মাজুলীৰ দক্ষিণ আঁহতগুৰিৰ ভেকেলী চাপৰিত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এই মৃতদেহটো ৷ মৃতদেহটো নিমাতীৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে ৷
মৃতদেহটোৰ পৰিধানত আছে ক’লা ৰঙৰ চাৰ্ট ৷ অৱশ্যে বৰ্তমানেও মৃতদেহটোৰ সন্দৰ্ভত লাভ কৰা নাই সঠিক কোনো তথ্য ৷ এই সন্দৰ্ভত বৰ্তমান অভিযান চলাই থকা হৈছে ৷
লগতে পঢ়ক:নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট ডাঃ বিক্ৰমজিৎ বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী