মাজুলী, 7 ছেপ্টেম্বৰ:ETV bharat ৰ বাতৰিৰ প্ৰভাৱ ৷ অনিল কাপুৰৰ বিখ্যাত নায়ক চিনেমাখন হয়তো আপুনিও চাইছে ৷ এচা বস্তিত বাস কৰা এজন লোকে নিজে লাভ কৰা চৰকাৰী ঘৰটো ভাৰালৈ দি, সেই টকাৰ পেট প্ৰবৰ্তোৱাৰ দৃশ্যটো মনত আছে নিশ্চয় ৷ তেনেকুৱা ঘটনা এইবাৰ মাজুলীত ঘটিছে ৷ এইটো অৱশ্যে চৰকাৰী বাসগৃহ নহয়, কৃষকৰ কৃষি সামগ্ৰী বিক্ৰীৰ বাবে আৱন্টিত এটা খুচুৰা বিক্ৰী কেন্দ্ৰহে ৷ পিছে সেই কেন্দ্ৰত কৃষকে ৰাখিব নোৱাৰিলে তেওঁলোকৰ উৎপাদিত কৃষি সামগ্ৰী ৷ বিক্ৰী কেন্দ্ৰ হ’লগৈ ভাড়াঘৰ (Retail outlets of Agriculture food item) ৷
উল্লেখ্য যে, মাজুলীৰ কৃষি বিভাগৰ পৰা ২০১৮ -১৯ বৰ্ষত কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ পৰা নামনি মাজুলীৰ এলেঙী গাঁৱৰ বিজু শইকীয়া নামৰ এগৰাকী আধুনিক কৃষকে লাভ কৰিছিল এটি খুচুৰা বিক্ৰী কেন্দ্ৰ ৷ যি কেন্দ্ৰত তেওঁৰ কৃষি ভূমিত উৎপাদিত থলুৱা ফল-মূল, শাক-পাচলি আদি বিক্ৰীৰ বাবে চৰকাৰী আচঁনিৰ টকাৰে এটি খুচুৰা বিক্ৰী কেন্দ্ৰ নিৰ্মাণ কৰিছিল (Scam at Majuli District Agriculture Department) । ১৫ লাখ টকাৰ বিনিময়ত নিৰ্মাণ কৰা হৈছিল এই খুচুৰা বিক্ৰী কেন্দ্ৰটো (Agriculture Department in Majuli) ৷