মাজুলী,22 জুন: বাৰিষা আহিলেই শংকিত হৈ পৰিবলগীয়া হয় ৰাজ্যৰ নৈ পৰীয়া ৰাইজ ৷ বছৰ বছৰ ধৰি ৰাজ্যখনত সৃষ্টি হোৱা বান পৰিস্থিতিত হাজাৰ হাজাৰ কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি হেৰুৱাই সৰ্বাশ্ৰান্ত হ'বলগীয়া হৈছে নৈ পৰীয়া ৰাইজে ৷ কি কংগ্ৰেছ, কি বিজেপি, কোনো এখন চৰকাৰেই ব্ৰহ্মপুত্ৰ নদী (Brahmaputra River)কে ধৰি বিভিন্ন নৈত গৰাখহনীয়া তথা বান পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ উচিত ব্যৱস্থা নোলোৱাৰ ফলতেই প্ৰতিবছৰেই দুৰ্ভোগ ভূগীবলগীয়া হৈছে ৰাইজে ৷
লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি প্ৰায় সংখ্যক জিলাতে প্ৰতি বছৰে সৃষ্টি হয় ভয়ংকৰ বান পৰিস্থিতি ৷ উক্ত বানত ইতিমধ্যে হাজাৰ হাজাৰ লোকে ঘৰ মাটি ভেটি হেৰুৱাই মঠাউৰিৰ ওপৰতে দূৰ্বষহ জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সমান্তৰালকৈ মাজুলী জিলাতো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া (Brahmaputra erosion) আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী (Flood)ত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি নদী খনত বিলীন হৈছে ৷
ইফালে মাজুলীৰ ৬, ৭ খনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া (erosion) ত জাহ যোৱাত বহু পৰিয়ালে কমলবাৰী পৰা বনগাঁওস্থিত মাথাউৰিতে জুপুৰী তথা টম্বু টানি কণ কণ লৰা ছোৱালীৰ সৈতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ ঘৰ মাটি ভেটি হেৰুৱাই দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক ৷
ইফালে পূৰ্বৰ কংগ্ৰেছ (Congress) চৰকাৰৰ লগতে বৰ্তমানৰ বিজেপি (BJP)ৰ স্থানীয় বিধায়ক (MLA) তথা প্ৰাক্তন মুখ্যমন্ত্ৰী (Ex Chief Minister) সৰ্বানন্দ সোণোৱালক গৰাখহনীয় প্ৰতিৰোধৰ বাবে উচিত ব্যৱস্থা লোৱাৰ লগতে খহনীয়াত উচন হোৱা পৰিয়াল সমূহৰ বাবেও ব্যৱস্থা লবলৈ আহ্বান জনাইছিল বানাক্ৰান্ত ৰাইজে ৷