মাজুলী, ১৮ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ, সত্ৰীয়া সংস্কৃতি, জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰৰ বাবে প্ৰয়াস কৰি আহিছে মাজুলীৰ ঢাপাক গাঁৱৰ নিবাসী বসন্ত কুমাৰ মিলিয়ে । তেওঁ এতিয়ালৈকে কৰি অহা প্ৰয়াসে আজি স্বীকৃতি পালে । সোমবাৰে ঐতিহাসিক শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ তৰফৰ পৰা বসন্ত কুমাৰ মিলিলৈ আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ দামোদৰ দেৱ বঁটা । অনুপম সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধনা কৰি আহিছে মিলিয়ে ।
তেওঁ জনগোষ্ঠীয় কৃষ্টিৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে নিৰৱচিন্নভাৱে প্ৰচেষ্টা চলাই আহিছে । সেয়ে, আজি তেওঁক দামোদৰ দেৱ বঁটাৰে সন্মানিত কৰা হয় । কাতি বিহুৰ শুভ দিনটোতে সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ চ'ৰাত এখন সভাৰ আয়োজন কৰা হয় আৰু এই সভাতে বসন্ত কুমাৰ মিলিক আনুষ্ঠানিকভাৱে বঁটাটি প্ৰদান কৰা হয় । মিলিক এই বটাঁ প্ৰদান কৰে সত্ৰাধিকাৰগৰাকীয়ে ।