অসম

assam

ETV Bharat / state

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰে গঢ়ি তুলিছে কলৰ বাগিছা

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল গোস্বামীয়ে গঢ়ি তুলিছে কলৰ বাগান ৷ নিবনুৱা যুৱক সকললৈ ঘৰতে বহি নাথাকি থলুৱা ফল মূলৰ বাগিছা তৈয়াৰ কৰি স্বাৱলম্বী হোৱাৰ পৰামৰ্শ সত্ৰাধিকাৰ গৰাকীৰ ৷

By

Published : Jun 6, 2021, 7:04 PM IST

dakshinpat-satra-satradhikar-make-banana-firm
দক্ষিনপাট সত্ৰৰ সত্ৰাধিকাৰে গঢ়ি তুলিছে কলৰ বাগিছা

মাজুলী, 6 জুন: ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল গোস্বামীয়ে দেখুৱাইছে আৰ্দশ । কেইজন মান বৈষ্ণৱক লগত লৈ সত্ৰৰ সমীপত গঢ়ি তুলিছে এখন ক্ষুদ্ৰ কলৰ বাগিছা । বিগত বৰ্ষৰ জুন মাহতে মাজুলী কৃষি বিভাগে যোগান ধৰা উন্নত জাতৰ কল পুলি সত্ৰাধিকাৰ গৰাকীয়ে নিজে ৰোপন কৰিছিল । এবছৰ সম্পূৰ্ণ হৈছে বৰ্তমান ১৬৬ জোপা কল লহপহকৈ বাঢ়ি কেইবাজোপা কল থোক মেলিছে ।

দক্ষিনপাট সত্ৰৰ সত্ৰাধিকাৰে গঢ়ি তুলিছে কলৰ বাগিছা

সত্ৰাধিকাৰ গৰাকীয়ে নিজে নিতৌ চোৱা-চিতা কৰে এই কলৰ বাগান খন । কল যিহেতু সত্ৰত উপকৰণত ব্যৱহাৰ কৰে সেয়েহে সত্ৰাধিকাৰ গৰকীয়ে নিজে কলৰ বাগান গঢ়ি তুলিছে । তেওঁ নিবনুৱা যুৱক সকললৈ পৰামৰ্শ আগবঢ়াইছে যে ঘৰতে বহি নাথাকি থলুৱা ফল মূলৰ বাগিছা তৈয়াৰ কৰি স্বাৱলম্বী হোৱাৰ পথ প্ৰসস্ত কৰিব পাৰি বুলি উল্লেখ কৰে । ঐতিহাসিক ৰজাঘৰীয়া সত্ৰৰ এগৰাকী সত্ৰাধিকাৰে নিজে এনেদৰে খেতি কৰা কাৰ্যই বহু লোকৰ যে প্ৰেৰণাৰ উৎস হ’ব সেইটো নিশ্চিত ।

লগতে পঢ়ক:বিহালীত বিশ্ব পৰিৱেশ দিৱস পালন

ABOUT THE AUTHOR

...view details