মাজুলী, 3 ফেব্ৰুৱাৰী :বুধবাৰে মুকলি কৰা হ'ল মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে পাঠদান ৷ দুপৰীয়া 1 বজাত মুখ্যমন্ত্ৰীয়ে মাজুলীত উপস্থিত হৈ সাংস্কৃতি বিশ্ববিদ্যালয়ৰ অস্থায়ী গৃহৰ দ্বাৰ উদঘাটন কৰে ৷ ইফালে, উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শ্রীশ্রী অনিৰুদ্ধ দেব ক্ৰিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জে পি বাৰ্মা ৷
উল্লেখ্য যে, বুধবাৰৰ পৰা আৰম্ভ হ'ব লগা বিশ্ববিদ্যালয়খনত বিভিন্ন বিভাগত শিক্ষক নিযুক্তি আৰু শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ 2020-21 শিক্ষাবৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনে অসমীয়া আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ লগতে ঐতিহ্য অধ্যয়ন, যোগা, মুখা আৰু ভাস্কৰ্য শিল্প আৰু সাঁচিপাত সংৰক্ষন বিষয়ত পোষ্ট গ্ৰেডুৱেট ডিপ্লমা পাঠদান আৰম্ভ কৰিব ৷ তদুপৰি মিচিং ভাষা শিক্ষাৰ 6 মহীয়া পাঠ্যক্ৰমো বিশ্ববিদ্যালয়খনত অন্তভূৰ্ক্ত কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷