অসম

assam

By

Published : Feb 22, 2021, 10:14 AM IST

ETV Bharat / state

মাজুলীৰ প্ৰেমত পৰিছে বলিউড অভিনেতা

দেওবাৰে মাজুলীত অনুষ্ঠিত হোৱা জাতি-জনগোষ্ঠীৰ এক বিশাল সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ অভিনেতা বিবেক অ'বেৰয়ে ৷ এই সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ অভিনেতা গৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মাজুলীৰ প্ৰেমত পৰিছে বলিউড অভিনেতা
মাজুলীৰ প্ৰেমত পৰিছে বলিউড অভিনেতা

মাজুলী, 22ফেব্ৰুৱাৰী :নদী দ্বীপমাজুলীৰ প্ৰেমত পৰিছে আন এজন বলিউডৰ অভিনেতা ৷ মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যই মোহিত কৰিছে এইবাৰ বলিউডৰ অভিনেতা বিবেক অ'বেৰয়ক ৷ দেওবাৰে মাজুলীত অনুষ্ঠিত হোৱা জাতি জনগোষ্ঠীৰ এক বিশাল সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ অভিনেতা গৰাকীয়ে ৷ এই সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ অভিনেতা গৰাকীক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মাজুলীৰ প্ৰেমত পৰিছে বলিউড অভিনেতা

এই সাংস্কৃতিক অনুষ্ঠানতে লাচিত বৰফুকনৰ কথা কৈ আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গ’ল বলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকীক ৷ লাচিত বৰফুকন বিষয়ক লৈ চিনেমা বা চিৰিজ প্ৰস্তুত কৰিব বুলি মন্তব্য কৰে বিবেক অ'বেৰয়ে । আনকি অসমক লৈ বহু পৰিকল্পনা কৰিছে বুলি সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে এই অভিনেতা গৰাকীয়ে ৷

মাজুলী বিশ্বৰ ভিতৰতে আটাইতকৈ ধুনীয়া চহৰ বুলি উল্লেখ কৰি মাজুলীৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ পুনৰ স-পৰিয়ালে অসমলৈ আহাৰ কথা ক’লে বলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে ৷

লগতে পঢ়কঃৰাঙলুত ড্ৰাগছ সহ আটক দুই কুখ্যাত ব্যৱসায়ী

ABOUT THE AUTHOR

...view details