মাজুলী,16 জানুৱাৰী:ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ আৰম্ভণি কৰাৰ লগে লগে দেশৰ অন্য প্ৰান্তৰ লগতে অসম তথা মাজুলীতো এই অভিযানৰ শুভাৰম্ভ হয় ৷ এই প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয় আৰু কমলাবাৰী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷
মাজুলীত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ
মাজুলীত আৰম্ভ হ'ল ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান ৷ গড়মূৰ অসামৰিক চিকিৎসালয় আৰু কমলাবাৰী অসামৰিক চিকিৎসালয়ত আৰম্ভ হৈছে প্ৰতিষেধক প্ৰদান অভিযান ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে উক্ত অভিযানৰ আৰম্ভণি হয় ৷ প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান ৷
covid vaccination drive starts in majuli
ৰাজ্যৰ অন্যান্য জিলাসমূহৰ দৰে মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত এই কাৰ্যসূচীৰ অংশ হিচাপে মাজুলী জিলাৰ স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ জিলা খনৰ স্বাস্থ্য কৰ্মীসকলৰ ভিতৰত প্ৰথম পৰ্যায়ত গড়মূৰ অসামৰিক চিকিৎসালয়ত 100 গৰাকী আৰু কমলাবাৰী অসামৰিক চিকিৎসালয়ত 100 গৰাকীক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে প্ৰথমে চিটা গ্ৰহণ কৰাৰ পাছতে অন্য স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷