অসম

assam

By

Published : May 19, 2021, 8:32 AM IST

Updated : May 19, 2021, 1:30 PM IST

ETV Bharat / state

স্বয়ং কৰ’ণা ৰোগীয়ে গামোচা পিন্ধালে মুখ্যমন্ত্ৰীক

বিগত 13 মে’ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত হোৱাৰ পাচতে মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই এগৰাকী কৰ’ণা ৰোগীয়ে ৷ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ মাজুলীত ৷

covid-patient-gave-gamosa-to-himanta-biswa-sarma
মাজুলীত কৰ’ণা ৰোগীয়ে গামোচা পিন্ধালে মুখ্যমন্ত্ৰীক

মাজুলী,19 মে’:কৰ’ণাৰ ভয়াৱহতাৰ মাজতে মাজুলীত সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা ৷ ঘটনাটো সংঘটিত হৈছিল বিগত 13 মে’ত ৷ উক্ত দিনটোতে মাজুলীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাক গামোচা পিন্ধাইছিল হোম কোৱাৰেণ্টাইনত থকা এগৰাকী কৰ’ণা ৰোগীয়ে ৷

মাজুলীত কৰ’ণা ৰোগীয়ে গামোচা পিন্ধালে মুখ্যমন্ত্ৰীক

ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ সৈতে মাজুলীৰ প্ৰায় প্ৰতিটো অনুষ্ঠানত ভাগ লৈছিল ৰোগীজনে ৷ কৰ’ণাক্ৰান্ত ৰোগীজনৰ নাম হৰি প্ৰসাদ পেগু ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মাজুলী পৰিদৰ্শন কৰাৰ এদিন পূৰ্বে ৰোগীজনৰ দেহত ধৰা পৰিছিল কৰ’ণাৰ অৱস্থিতি ৷ কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত তেওঁ নিজে হোম কোৱাৰেণ্টাইনত থাকিম বুলি চিকিৎসালয়ত চহী কৰে ৷

মুখ্যমন্ত্ৰীক গামোচা পিন্ধোৱা কৰ’ণা ৰোগীৰ ৰিপ’ৰ্ট

এই ঘটনা পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ মাজুলীত ৷ কেনেকৈ এজন কৰ’ণাক্ৰান্ত ৰোগীয়ে সকলোৰে সংস্পৰ্শলৈ গৈ মুখ্যমন্ত্ৰীক গামোচা পিন্ধোৱাৰ সুযোগ পালে ? এইক্ষেত্ৰত স্থানীয় স্বাস্থ্য বিভাগে আওকাণ কৰিছে নেকি সমগ্ৰ বিষয়টো ? ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক :ক’ভিড প্ৰতিষেধকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শৰণাপন্ন ৰাজ্য চৰকাৰ

Last Updated : May 19, 2021, 1:30 PM IST

ABOUT THE AUTHOR

...view details