অসম

assam

প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা SI জোনমনি ৰাভাৰ জামিন লাভ

By

Published : Jul 8, 2022, 3:38 PM IST

জামিল লাভ কৰিলে নিলম্বিত SI জোনমনি ৰ‍াভাই ৷ ১ মাহ ৪ দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পিছত শুকুৰবাৰে জামিন লাভ কৰে জোনমণিয়ে (Court granted bail to SI Junmoni Rabha)।

Junmoni Rabha granted bail
প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা SI জোনমনি ৰাভাৰ জামিন লাভ

মাজুলী, 8 জুলাই: যোৱা ৪ জুনত প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত SI জোনমনি ৰ‍াভাৰ জামনি লাভ । মাজুলীৰ তিনি ব্যৱসায়ীৰ তিনিটা গোচৰৰ ভিত্তিত মাজুলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত জেললৈ গমন কৰিছিল SI জোনমনি ৰ‍াভাই । ১ মাহ ৪ দিন মাজুলী জিলা কাৰাগাৰত(Majuli district jail) কটোৱাৰ পিছত শুকুৰবাৰে জামিন লাভ কৰে জোনমনিয়ে (Court granted bail to SI Junmoni Rabha)।

মাজুলী জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতৰ পৰা জামিন লাভ কৰে জোনমনি ৰাভাই । জোনমনি ৰাভাৰ হৈ আদালতত নগাঁৱৰ দুজন অধিবক্তাই ওকালতি কৰিছিল ।

প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা SI জোনমনি ৰাভাৰ জামিন লাভ

উল্লেখযোগ্য যে, প্ৰৱঞ্চক ভাৱী স্বামীৰে মিলি অইলত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মস্যাৎ কৰাৰ কামত জড়িত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল জোনমণি ৰাভাৰ বিৰুদ্ধে (SI Junmoni Rabha arrested in a fraud case) ৷ প্ৰৱঞ্চনাৰ কেইবাটাও স্পষ্ট অভিযোগেৰে মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত এছ আই জোনমনি ৰাভাক মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছিল ।

ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা, অজিত বৰাই যোৱা ১০ মে'ত আৰু ৰঞ্জন কুটুমে যোৱা ১৩ মে'ত গড়মূৰ থানাত ৰুজু কৰা ক্ৰমে 20/22, 21/22 U/S 120(B)/170/406/419/420/468/471/472 IPC,22/22 US 120-B/170/406/419/420 IPC ধাৰাৰ গোচৰৰ ভিত্তিত যোৱা ৪ জুনত জোনমনি ৰাভাক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক:শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা কিৰিট সোমাইয়াৰ

ABOUT THE AUTHOR

...view details