মাজুলী,৬ এপ্ৰিল :"বিজেপি চৰকাৰে ৰূপায়ণ কৰা প্ৰতিখন আঁচনিতে দুৰ্নীতি সংঘটিত হৈছে ।" এই অভিযোগ মাজুলীবাসীৰ । মাজুলীৰ ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়তৰ পৰা আৰম্ভ কৰি চৰকাৰৰ প্ৰতিটো বিভাগতে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । আঁচনি ৰূপায়ণৰ নামত একাংশ বিষয়া আৰু কৰ্মচাৰী এই দুৰ্নীতিত জড়িত হৈ থকাৰো অভিযোগ ৰাইজৰ (Corruption in Majuli)।
পঞ্চদশ বিত্ত আয়োগৰ অধীনত শৌচালয়ৰ টেংকীৰ কাষত ছফ্ট পিট নিৰ্মাণ আঁচনিৰ নামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে মাজুলীৰ একাংশ লোকে (Corruption in Soft pit construction scheme)।
উল্লেখ্য যে স্বচ্ছ ভাৰত অভিযানৰ লগতে ৰাজ্যখনৰ প্ৰতিটো অঞ্চল পৰিষ্কাৰ আৰু স্বাস্থ্য সন্মত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে চৰকাৰে । প্ৰতিটো পৰিয়ালত থকা শৌচালয়ৰ টেংকীৰ কাষত ছফ্ট পিট নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে এক বিশেষ আঁচনি আৰম্ভ কৰিছে । কিন্তু এই আঁচনিৰ অংশস্বৰূপে ছফ্ট পিট নিৰ্মাণত শ্ৰীৰাম পঞ্চায়তৰ সভাপতিৰ ঘনিষ্ঠ ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে (Corruption of Panchayat Contractors in Majuli)।