অসম

assam

ETV Bharat / state

কামৰ নমুনাঃ নিৰ্মাণৰ দুদিন পাচতে চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ - চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ

মাজুলী গড়কাপ্তানী পথ মেৰামতিত ব্যাপক দুৰ্নীতি ৷ মাটিৰ ওপৰতে বিটুমিনৰ প্ৰলেপ ঢালিলে ঠিকাদাৰে ৷ বিভাগীয় বিষয়া ঠিকাদাৰ মিলি প্ৰায় ৪০ লক্ষাধিক টকা লুণ্ঠনৰ অভিযোগ ৷

চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ

By

Published : Jul 1, 2019, 5:16 PM IST

মাজুলী, 1 জুলাই :মাজুলীত গড়কাপ্তানী পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ প্ৰায় 45 লক্ষ্য টকাৰে নিৰ্মাণ কৰা পেৰাভাৰি-বালিচাপৰি সংযোগী পথচোৱাত নিৰ্মীয়মান অৱস্থাতে চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ । পথচোৱাৰে এখন গাড়ী গলেই চকাত লাগি এৰাই যায় বিটুমিনৰ প্ৰলেপ । ফলত সোমবাৰে সেনচোৱা বালিচাপৰি গাঁৱৰ ৰাইজে পথটোৰ এনেদৰে মেৰামতি কৰাৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

চপৰা-চপৰে এৰিছে বিটুমিনৰ প্ৰলেপ

উল্লেখ্য যে, ঠিকাদাৰে সেনচোৱা বালিচাপৰি অংশত পথটোৰ ভগা স্থানত মাটিৰ ওপৰতেই বিটুমিনৰ প্ৰলেপ ঢালি মেৰামতি কৰিছিল পথচোৱা ৷ ২০১৮ বৰ্ষৰ জুন মাহত জুৱেল বৰা নামৰ মাজুলীৰ বাহিৰৰ এগৰাকী ঠিকাদাৰে কেইবাটাও পথ মেৰামতিৰ বাবে প্ৰায় ১.২০ কোটি টকাৰ এক নিবিদা লাভ কৰিছিল । তাৰে প্ৰায় ৪০ লক্ষ্য টকা বনগাঁও-বালিচাপৰি পথৰ পেৰাভাৰি বালিচাপৰিৰ সংযোগী পথচোৱা মেৰামতিৰ বাবে আছিল । যদিও ঠিকাদাৰ জুৱেল বৰাই উক্ত কামটো মাজুলী বিজেপিৰ এগৰাকী নেতাৰ ভাতৃ উৎপল নাথক বিক্ৰী কৰি দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজৰ ৷ বিভাগীয় কৰ্তৃপক্ষৰ চকুত ধূলি দি এনেদৰে ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে অঞ্চলটোৰ ৰাইজ ৷

ABOUT THE AUTHOR

...view details