মাজুলীত ফুচ ফাচৰ ৰাম ঠগন ৰাইজক - গড়কাপ্তানী পথ
নিৰ্মীয়মান অৱস্থাতে জহি-খহি গৈছে পথ ৷ নিম্ন মানৰ বালি-শিল ব্যৱহাৰৰ বাবেই পথচোৱা ভাগি পৰাৰ অভিযোগ ৰাইজৰ ৷
মাজুলী,29 জুন: মাজুলীৰ মুদৈগাঁও-ধুৱাচেলা গড়কাপ্তানী পথ নিৰ্মাণত বিসংগতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ ৪.৫০ কোটি টকাৰ ব্যয় সাপেক্ষে গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণকাৰ্য চলি থকা প্ৰায় ৬ কিলোমিটাৰ ৬৬৫ মিটাৰৰ গড়কাপ্তানী পথচোৱা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইপিনে নিৰ্মীয়মান পথচোৱাত নিম্ন মানৰ বালি-শিল ব্যৱহাৰ কৰাৰ বাবেই পথচোৱা ভাগি পৰাৰ অভিযোগ ৰাইজৰ ৷ ফুচ ফাচ কনষ্ট্ৰাকচন নামৰ নিৰ্মাণ সংস্থাটোৰ অধীনত চলি থকা এই কামত বিসংগতি হোৱাৰ সম্পৰ্কে স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷