মাজুলী,২৫ ফ্ৰেব্ৰুৱাৰী:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ ৰাইজলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ আবাসগৃহ নিৰ্মাণত কোনো ধৰণৰ দুৰ্নীতি অনিয়ম সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এই নিৰ্দেশক যেন কেৰেপেই নকৰে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে । তাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আবাসগৃহ নিৰ্মাণত আউল লগাইছে একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি আৰু ঠিকাদাৰে (Corruption allegations in making of PM Awas Yojana) ।
প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণৰ নামত পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে বিয়াগোম বিয়াগোম কেলেংকাৰী(PMAY scam in Majuli) । এইবাৰ মাজুলীৰ এখন পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ । মাজুলীৰ খণ্ড উন্নয়নত কালিমা সানিলে এগৰাকী পঞ্চায়ত সভাপতিয়ে । মাজুলীৰ পকাজৰা পঞ্চায়তত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । দৰিদ্ৰ লোকক বঞ্চিত কৰি প্ৰথমে পঞ্চায়ত সভাপতিয়ে ল‘লে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ (PM Awas Yojana in Majuli) ।
পকাজৰা পঞ্চায়তৰ সভাপতি অনন্ত ঙাটৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ(Corruption allegations against Panchayat President) । এইগৰাকী পঞ্চায়ত সভাপতিয়ে দৰিদ্ৰ লোকৰ বাবে অহা ঘৰ কাটি নিজৰ নামত ঘৰটো উঠাই লোৱাৰ অভিযোগ উঠিছে । পকাজৰা পঞ্চায়তৰ সভাপতি অনন্ত ঙাটে হৈছে PMAY ৰ হিতাধিকাৰী । দৰিদ্ৰ হিতাধিকাৰীৰ তালিকাত নিজৰ নাম ভৰাই ল'লে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি অনন্ত ঙাটে ।