অসম

assam

By

Published : Dec 22, 2022, 8:36 PM IST

ETV Bharat / state

Cook and Assistant cook Suspended: বিদ্যালয়ৰ ৰান্ধনী গৃহ পৰিণত হৈছে মদৰ মহললৈ

মাজুলীৰ কিছু সংখ্যক বিদ্যালয়ত চলিছে কি আজিৰ তাৰিখৰ সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে ? কেতিয়াবা যদি চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিক লৈ প্ৰশ্ন উঠে আৰু কেতিয়াবা আকৌ শিক্ষক সময়মতে বিদ্যালয়ত উপস্থিত নাথাকে । এইবাৰ মাজুলীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এখন ভয়ংকৰ ছবি পোহৰলৈ আহিছে ।

Cook and Assistant cook Suspended
বিদ্যালয়ৰ ৰান্ধনী গৃহ পৰিণত হৈছে মদৰ মহললৈ

বিদ্যালয়ৰ ৰান্ধনী গৃহ পৰিণত হৈছে মদৰ মহললৈ

মাজুলী, ২২ ডিচেম্বৰ:মাজুলীৰ একাংশ বিদ্যালয়ত আচলতে চলিছে কি, আজিৰ তাৰিখৰ সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে । যিসকল শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে ছাত্র ছাত্ৰীৰ ভৱিষ্যত, সেইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে আজিৰ তাৰিখত নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছেনে ? কেতিয়াবা যদি চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিক লৈ প্ৰশ্ন উত্থাপন হয়, আকৌ কেতিয়াবা চৰকাৰী বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰীসকল সময়মতে বিদ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ উঠে ।

এই সময়তে মাজুলী লাচন চাপৰি প্ৰাথমিক বিদ্যালয়ত(Lachan Chapri Primary School) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । বিদ্যালয়খনৰ ৰান্ধনীগৃহত ছাত্ৰ-ছাত্ৰীলৈ খাদ্য ৰন্ধাৰ সলনি শিক্ষকলৈ প্ৰস্তুত কৰা হৈছে মদ । ইফালে বিদ্যালয়খনত ৰান্ধনীগৰাকী ১২ বজালৈকে উপস্থিত নহয় । এফালে যদি বিলাতী সুৰাৰ বটল, আনফালে ৰান্ধনীগৃহত ছাত্ৰ-ছাত্ৰীলৈ অহা চাউলৰে বটুৱাত প্ৰস্তুত কৰা হৈছে আপং ৷ ছাত্ৰ-ছাত্ৰীৰ নামত অহা চাউলৰে এতিয়া প্ৰস্তুত কৰা হৈছে বিদ্যালয়ত সুৰা ।

এই ভয়ংকৰ খবৰ বুধবাৰে বিভিন্ন মাধ্যমত প্ৰকাশ হোৱাৰ লগে লগেই দৃষ্টিগোচৰ হৈছিল মাজুলী জিলা প্ৰশাসনৰ । তাৰ পাচতেই তৎপৰ হৈ পৰে মাজুলী জিলা প্ৰশাসন । জিলা প্ৰশাসনে তৎকালীনভাৱে নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে ৰান্ধনীগৰাকীৰ লগতে সহকাৰী ৰান্ধনী আৰু পৰিচালনা সমিতিৰ সভাপতিক(Cook and Assistant cook Suspended) । ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিলম্বনৰ বাবেও তদন্ত প্ৰতিবেদন প্ৰেৰণ কৰিছে গুৱাহাটীলৈ । উপায়ুক্তগৰাকীয়ে লগতে কয় যে এনেধৰণৰ ঘটনাক কোনো কাৰণতে ৰেহাই দিয়া নহয় । এতিয়া প্ৰশ্ন উঠিছে- এইসকল শিক্ষক-শিক্ষয়িত্ৰীৰ ওচৰত ছাত্র-ছাত্ৰীসকলৰ ভৱিষ্যত কিমান সুৰক্ষিত ?

লগতে পঢ়ক:Protest in Bilasipara: গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতিক আক্ৰমণ: বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details