অসম

assam

ETV Bharat / state

"বাবু গালি খালা?'' হৈছে কি বাবুৰ? - মাজুলীৰ বাতৰি

জনপ্ৰিয় গায়ক বাবুৰ নদীদ্বীপ মাজুলীক লৈ নতুন গীত "মাজুলী গাভৰু"ক লৈ সৃষ্টি হৈছে তীব্ৰ বিৰ্তক ৷ ছ'চিয়েল মেডিয়াত বাবুক তীব্ৰ সমালোচনা ৷ জাঙুৰ খাই উঠিছে মাজুলীবাসী বাবুক ক্ষমা খোজাৰ আহ্বান ৷ বাবুৰ বিৰুদ্ধে কমলাবাৰী থানাত গোচৰ ৰুজু ৷ কিছুসময় পূৰ্বে ফেচবুক যোগে মাজুলীবাসীক ক্ষমা প্ৰাৰ্থনা বাবুৰ ৷

"মাজুলী গাভৰু" বিতৰ্ক: নতুন গীতত সত্ৰীয়া সংস্কৃতিক ভুল কৈ উপস্থাপন কৰি বিপদত বাবু!!

By

Published : Nov 19, 2019, 11:26 PM IST

মাজুলী, 19 নৱেম্বৰ: যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়ক বাবু বৰুৱাৰ সত্ৰপীঠ মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত নিৰ্মিত সদ্যমুক্তি প্ৰাপ্ত "মাজুলী গাভৰু" শীৰ্ষক গীতৰ ভিডিঅ'ক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ বিৰ্তকৰ ৷ গীতটিত সত্ৰ নগৰী মাজুলীক বিকৃত ৰূপত উপস্থাপন কৰাৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে মাজুলীবাসী ৷ বাবুৰ বিৰুদ্ধে "মাজুলী গাভৰু" শীৰ্ষক গীতৰ ভিডিঅ'ত সত্ৰক লৈ কেইটাও বিৰূপ মন্তব্য কৰাৰ অভিযোগ মাজুলীবাসীৰ ৷ স্থানীয় লোকৰ অভিযোগ, নিজে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে বাবুৱে মুখা শিল্পৰ অপমানজনক উপস্থাপন, সত্ৰীয়া পোছাকত হাতত তাল লৈ ফেৰী ঘাটত ভিক্ষা বিচৰা দৃশ্য, সত্ৰত মহিলাৰ প্ৰৱেশ নিষেধৰ দৰে ভুৱা দৃশ্য নিজৰ গানৰ ভিডিঅ'ত অন্তৰ্ভূক্ত কৰিছে৷

"মাজুলী গাভৰু"ক লৈ বাবুক সমালোচনা মাজুলীবাসীৰ

ইফালে গীতটিৰ চোৱাৰ পাছত মাজুলীৰ সকলো স্তৰৰ নাগৰিকে ক্ষোভ প্ৰকাশ কৰিছে শিল্পী বাবুৰ বিৰুদ্ধে ৷ শিল্পীজনৰ ভিডিঅ'টোৰ বিৰুদ্ধে ইতিমধ্য গোচৰ ৰুজু কৰিছে অনুসূচিত ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন তথা সচেতন লোকে ৷ অতি শীঘ্ৰে মাজুলীবাসীয়ে কন্ঠ শিল্পী বাবু বৰুৱাক সত্ৰপীঠবাসীক ক্ষমা খোজাৰ দাবী জনাইছে

ক্ষমা বিচাৰিলে বাবুৱে

শেহতীয়াকৈ গীতটি সন্দৰ্ভত ছ'চিয়েল মেডিয়া ফেচবুকৰ যোগেদি মাজুলীবাসীৰ ওচৰত ক্ষমা বিচাৰিছে শিল্পী বাবু বৰুৱাই ৷ শিল্পীজনে নিজৰ ইউটিউব চেনেলৰ পৰাও বিতৰ্কিত ভিডিঅ'টি ইতিমধ্যে আঁতৰ কৰিছে ৷

আৰু পঢ়ক:নতুন ৰূপত সত্ৰ নগৰীঃ জাকজমকীয়া সংগীতানুষ্ঠানৰে জীপাল মাজুলী

ABOUT THE AUTHOR

...view details