ছয় জনগোষ্ঠীৰ জনজাতিকৰণক সন্দৰ্ভত দুই মেৰুত চুতীয়া সম্প্ৰদায় মাজুলী,21 ডিচেম্বৰ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত দুই বিপৰীত মেৰুত চুতীয়া সম্প্ৰদায় (Controversial remarks on scheduling of Chutia)৷ চুতীয়া উন্নয়ন পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই প্ৰদান কৰিছে বিপৰীত ভাষ্য ৷ এজনে যদি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ আনজনৰ অভিযোগ চুতীয়া জনগোষ্ঠীটো চৰকাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ ৷
মাজুলী বৰবিল গাঁৱত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি উন্মোচন কৰা হয় সতী সাধনীৰ প্ৰতিমূৰ্তি ৷ সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচনী সভাত জনগোষ্ঠীটোৰ জনজাতিকৰণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দুটা বিপৰীত মন্তব্য প্ৰকাশ কৰে চুতীয়া নেতৃত্বই ৷
চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতি প্ৰসাদ চুতীয়াই জনজাতিকৰণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে বহু দিনৰে পৰা চুতীয়া জনগোষ্ঠীটোৱে দাবী কৰি আহিছে জনজাতিকৰণ (Chutia Development Council)৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতি প্ৰসাদ চুতীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত চুতীয়া জনগোষ্ঠীটোৰ জনজাতিকৰণৰ কাম বহুত আগবাঢ়িল । কম দিনৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হস্তক্ষেপত চুতীয়া জনগোষ্ঠীয়ে জনগোষ্ঠীৰ মৰ্যদা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ গৰাকীয়ে ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক সন্দৰ্ভত দুই মেৰুত চুতীয়া সম্প্ৰদায় অন্যহাতে মাজুলীৰ আজিৰ একেখন সভাতে চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সম্পাদক ৰাজু চুতীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিপৰীত মন্তব্য (Chutia students union) ৷ সম্পাদক গৰাকীয়ে কয় যে এইবাৰ চৰকাৰে চুতীয়া জনগোষ্ঠীটোক জনজাতিকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে সমাগত লোকসভা নিৰ্বাচনত চৰকাৰক নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা প্ৰদান কৰা হ’ব ৷ চৰকাৰক সময়সীমা বান্ধি দি লোকসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়াসকলক জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান নকৰিলে চুতীয়া সম্প্ৰদায়ৰ এলেকাসমূহত নিৰ্বাচনী প্ৰচাৰ চলোৱাত চৰকাৰক বাধা প্ৰদান কৰিব বুলি চুতীয়া ছাত্ৰ সন্থাই সকীয়াই দিয়ে চৰকাৰক ৷ চৰকাৰ পতাৰ লগতে চৰকাৰ ভঙাৰ ক্ষেত্ৰতো চুতীয়া ছাত্ৰ সন্থাই বিশেষ ভূমিকা ল’ব বুলি সংবাদ মাধ্যমৰ আগত কয় ৰাজু চুতীয়াই (Scheduling of six tribes) ।
সংবাদ মাধ্যমযোগে চুতীয়া নেতৃত্বৰ মন্তব্য বিয়পি পৰাৰ লগে লগে বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ কাৰ ৰাজনৈচিক প্ৰৰোচনাৰ বলি হৈছে চুতীয়া সম্প্ৰদায়টো তাকে লৈয়ো সৰৱ আলোচনা চলা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক:Fake news against PM Modi: দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰি কেন্দ্ৰৰ ৰোষত ইউটিউব চেনেল