অসম

assam

ETV Bharat / state

মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ - Tejaswita dead

বিতৰ্কত থকা যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ (Majuli connecting bridge construction resumes)। প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ আছিল নিৰ্মাণকাৰ্য । অতি শীঘ্ৰে দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান ৰাইজৰ ।

Majuli Connecting Bridge
পুনৰ আৰম্ভ যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য

By

Published : Oct 9, 2022, 9:58 PM IST

মাজুলী,৯ অক্টোবৰ : পুনৰ আৰম্ভ হৈছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য (Jorhat Majuli connecting bridge)। দলঙৰ নিৰ্মাণত বিসংগতি ধৰা পৰাৰ পাছতে বিগত প্ৰায় ৫ মাহ ধৰি বন্ধ ৰখা হৈছিল নিৰ্মাণকাৰ্য (Discrepancy in construction of Majuli connecting bridge)। প্ৰায় ৬৫৩ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলীবাসীৰ সপোন স্বৰূপ দলংখনৰ বিসংগতি যোৱা ১ মে'ত পোহৰলৈ আহিছিল ‌।

দল-সংগঠন আৰু সংবাদ মাধ্যমে বিসংগতিৰ তথ্য পোহৰলৈ আনিছিল । দলংখনৰ ৮ আৰু ১১ নং খুটাত বিসংগতি ধৰা পৰিছিল । এই কথা পোহৰলৈ অহাৰ পাছতে নিৰ্মাণস্থলীত উপস্থিত হৈ স্থানীয় বিধায়ক ভুবন গাম, সাংসদ প্ৰদান বৰুৱা আৰু উপায়ুক্তই বিসংগতি দূৰ নোহোৱালৈকে কাম বন্ধ কৰাৰ নিৰ্দেশ দিছিল । তাৰ পাছতে দিল্লীৰ পৰাও বিশেষজ্ঞ আৰু অভিযন্তাৰ দল আহি উপস্থিত হৈছিল আৰু বিসংগতিৰ তদন্ত আৰম্ভ কৰিছিল ।

দুৰ্ভাগ্যজনকভাৱে দলঙৰ খুটাৰ যি তদন্ত হৈছিল সেই তদন্তৰ প্ৰতিবেদন আজি পৰ্যন্ত ৰাজহুৱা নহ'ল । ইফালে ৫ মাহ ধৰি বন্ধ থকা দলঙৰ কাম হঠাৎ তেজস্বিতাৰ মৃত্যুৰ পাছতে আৰম্ভ হোৱাত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তেজস্বিতাৰ মৃত্যুৰ (Tejaswita dead) বাবে মাজুলীৰ চিকিৎসা ব্যৱস্থা আৰু চৰকাৰৰ ওপৰত যিধৰণৰ প্ৰশ্ন উঠিছিল তাক আনফালে নিবলৈ দলঙৰ কাম আৰম্ভ কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে বহুলোকে ।

মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

ইয়াৰ মাজতে মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণৰ কাম সোনকালে শেষ হোৱাতো কামনা কৰিছে মাজুলীবাসীয়ে । ২০২৬ চনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়াৰ দৰে ৰাজনীতি নোহোৱাকৈ দলং নিৰ্মাণৰ কাম শেষ হোৱাৰো কামনা মাজুলীৰ দুই লক্ষাধিক সাধাৰণ জনতাৰ ।

লগতে পঢ়ক :তেজস্বিতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মৰাণ যুৱ মঞ্চৰ

ABOUT THE AUTHOR

...view details