অসম

assam

ETV Bharat / state

মাজুলীৰ উপ-নিৰ্বাচন সন্দৰ্ভত জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া - ৰাজীৱ লোচন পেগুৰ জিলা সভাপতি পদ ত্যাগ

আজিৰ তাৰিখলৈ ৰাজীৱ লোচন পেগু কংগ্ৰেছতে আছে । মাথো দুবাৰকৈ পৰাজয় বৰণ কৰাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিহে তেওঁ সভাপতি পদৰ পৰা অব্যাহতি লৈছে ৷ কিন্তু কংগ্ৰেছৰ সদস্য পদৰ পৰা অব্যাহতি লোৱা নাই । এই মন্তব্য মাজুলীৰ জিলা কংগ্ৰেছৰ ৷

congress
মাজুলীৰ উপ নিৰ্বাচনকলৈ জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

By

Published : Aug 5, 2021, 9:07 PM IST

মাজুলী, ৫ আগষ্ট :প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) কেন্দ্ৰীয় মন্ত্রীৰ পদ গ্ৰহণ কৰাৰ লগে লগে মাজুলীত উপ নিৰ্বাচন (Bye Election) অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে । উপ নিৰ্বাচনৰ প্ৰসংগ অহাৰ লগে লগেই এতিয়া প্ৰতিটো ৰাজনৈতিক দলে সাজু হৈ উঠিছে ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হ'বলৈ । এক কথাত মাজুলীত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ বলিছে ।

কিন্তু নিৰ্বাচনৰ চৰ্চা চলি থকাৰ মাজতে এক বিশেষ খবৰে সমগ্ৰ মাজুলীতে তোলপাৰ লগাইছে । সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যোৱা দুটাকৈ নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰা বিৰোধী কংগ্ৰেছৰ নেতা ৰাজীৱ লোচন পেগুৰ (Rajib Lochan Pegu) জিলা সভাপতি পদ ত্যাগ কৰাক লৈ এতিয়া চৰ্চা চলিছে সমগ্ৰ মাজুলীত । উপ নিৰ্বাচনৰ গৰম বতাহৰ মাজতে ৰাজীৱ লোচন পেগুৱে বিজেপি দলত যোগদান কৰিব বুলিও খবৰ ওলাইছে ।

সম্প্ৰতি সামাজিক মাধ্যমকে ধৰি সকলোতে এতিয়া চৰ্চাৰ বিষয় হৈছে প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে গেৰুৱা বসন পিন্ধিব নেকি ?

উপ-নিৰ্বাচন সন্দৰ্ভত জিলা কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ৰাজীৱ লোচন পেগুৰ বিজেপিলৈ গমন সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত মাজুলী জিলা কংগ্ৰেছৰ সভাপতিয়ে কয় যে আজিৰ তাৰিখলৈ ৰাজীৱ লোচন পেগু কংগ্ৰেছতে আছে । মাথো দুবাৰকৈ পৰাজয় বৰণ কৰাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিহে তেওঁ সভাপতি পদৰ পৰা অব্যাহতি লৈছে ৷ কিন্তু কংগ্ৰেছৰ সদস্য পদৰ পৰা তেওঁ অব্যাহতি লোৱা নাই ।

এইবাৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলে মাজুলীৰ ৰাইজৰ মতক সন্মান জনাই যুৱ প্রাৰ্থীক অগ্ৰাধিকাৰ দিব বুলিও মাজুলী জিলা কংগ্ৰেছৰ ফালৰ পৰা জানিবলৈ দিয়ে । মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ মতে, এইবাৰ নিৰ্বাচনত মাজুলীৰ পৰা সৰ্বানন্দ সোণোৱালক বিপুল সংখ্যক ভোটত জয়ী কৰোৱাৰ মূল উদ্দেশ্যই আছিল তেওঁৰ প্রতি‌শ্ৰুতি ।

মুখ্যমন্ত্রী পদ লাভ নকৰিলেও মাজুলীবাসী ৰাইজ আৰু সত্রাধিকাৰসকলে বিধায়ক পদতে থাকিবলৈ অনুৰোধ জনাইছিল সৰ্বানন্দ সোণোৱালক । কিন্তু সোণোৱালে এই কথাৰ গুৰুত্ব নিদি কেন্দ্ৰীয় মন্ত্রীৰ পদ গ্ৰহণ কৰে । সেয়ে মাজুলী জিলা কংগ্ৰেছৰ দাবী যে এইবাৰ উপ-নিৰ্বাচনত মাজুলীবাসীয়ে ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিব ।

লগতে পঢ়ক:লখিমপুৰ জিলা কাৰাগাৰৰ পৰা পুনৰ কয়দীৰ পলায়ন

ABOUT THE AUTHOR

...view details