অসম

assam

ETV Bharat / state

কৃষক আইনৰ বিৰোধিতাৰে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত শ শ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও কান্ধত নাঙল-‎যুঁৱলি লৈ ৰাজপথলৈ ওলাই আহে কৃষক ৰাইজ ৷ তদুপৰি প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ট্ৰেক্টৰ চলাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

By

Published : Oct 10, 2020, 5:06 PM IST

Congress protests in Majuli against farmers' law
কৃষক আইনৰ বিৰোধিতাৰে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ

মাজুলী,10 অক্টোবৰঃ ৰাজ্যজুৰি কৃষক আইনৰ বিৰোধিতাৰে কংগ্ৰেছ দলে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মাজুলীতো দলটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত শ শ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও কান্ধত নাঙল-‎যুঁৱলি লৈ ৰাজপথলৈ ওলাই আহে কৃষক ৰাইজ ৷ তদুপৰি প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ট্ৰেক্টৰ চলাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

আনহতে,জিলাখনৰ সদৰ গড়মূৰৰ ৰাজপথত কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰ মূৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

ABOUT THE AUTHOR

...view details