মাজুলী, 12 ফেব্ৰুৱাৰী :মাজুলী উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানক লৈ শাসকীয় দল বিজেপিৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ দলৰ মাজত চলিছে বিশেষ গুণাগাঁথা । যদিও কোনো এটা দলে এতিয়ালৈকে নিজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই তথাপিও কিন্তু সকলো দলেই সাজু হৈছে আহি থকা উপ নিৰ্বাচনৰ বাবে । মাজুলী সমষ্টিত বিজেপিৰ স্বেচ্ছাচাৰী শাসনক উফৰাবলৈ এইবাৰ উপ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলৰে মিত্ৰতা কৰিছে কংগ্ৰেছ দলে(Congress and AJP Alliance in Majuli) ।
মাজুলী জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক অমল পূজাৰীয়ে এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে ইটিভি ভাৰতৰ আগত দলীয় সিদ্ধান্ত কথা ব্যক্ত কৰে ৷ তেওঁ বিজেপিৰ স্বেচ্ছাচাৰী শাসনক উফৰাবলৈ মাজুলীত অসম জাতীয় পৰিষদৰ লগত কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ কথা সদৰি কৰে ৷ ইয়াৰ লগতে উপ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলক জয়ী কৰোৱাতো(Congress leaves Majuli seat for AJP) মাজুলী জিলা কংগ্ৰেছে দায়িত্ব হিচাপে গ্ৰহণ কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ।