অসম

assam

ETV Bharat / state

ভীতিগ্ৰস্ত হৈ বিভ্ৰান্তিকৰ কথা ক’বলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই: জয়ৰাম ৰমেশ - Rahul Gandhi in Majuli

‘‘কংগ্ৰেছ বা ৰাহুল গান্ধীৰ কথা মনলৈ আহিলেই মানসিক ভাৰসাম্য হেৰুৱাই পেলাই অসমৰ মুখ্যমন্ত্ৰীয়ে ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাইজৰ সঁহাৰি দেখি শংকিত হিমন্ত বিশ্ব শৰ্মা ৷’’ সংবাদমেলত এই মন্তব্য জয়ৰাম ৰমেশৰ ৷

Bharat Jodo Nyay Yatra
Congress leader Jairam Ramesh

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:02 PM IST

হিমন্ত বিশ্ব শৰ্মাক সমালোচনা

গুৱাহাটী, ১৯ জানুৱাৰী: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰাদিয়ক ৰং দিয়াৰ চেষ্টা কৰিছে বুলি শুকুৰবাৰে মাজুলীত গুৰুতৰ অভিযোগ কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে । মাজুলীত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে ভীতিগ্ৰস্ত হৈ পৰিছে । যাৰ বাবে শৰ্মাই বহুত বিভ্ৰান্তিকৰ কথা কৈ আছে ।

উল্লেখ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমত আজি দ্বিতীয় দিন । এই যাত্ৰাই আজি মাজুলীত প্ৰৱেশ কৰিছে । তেওঁ কয় যে শনিবাৰে অৰুণাচলত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা হ'ব । আকৌ দেওবাৰে অসমৰ নগাঁৱৰ কলিয়াবৰত ন্যায় যাত্ৰা হ'ব । ন্যায় যাত্ৰাই অসমত ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে বুলি উল্লেখ কৰে ৰমেশে কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই যাত্ৰাক বাধা দিয়াৰ বাবে বিভিন্ন ভাবুকি-ধমকি দিয়াৰ চেষ্টা কৰি আছে ।

জয়ৰাম ৰমেশে লগতে কয়, ‘‘ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত যোৱা দুদিনত চৰকাৰৰ পৰা যিমান অসুবিধা আৰু প্ৰত্যাহ্বান পাইছে, ভাৰত জোড়ো যাত্ৰাৰ‌ সময়ত কিন্তু দেশৰ বিজেপি শাসিত আন ৰাজ্যৰ পৰা ইমান অসুবিধা আৰু প্ৰত্যাহ্বান পোৱা নাছিল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়াই কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ কথা মনলৈ আহে, তেতিয়াই শৰ্মাই মানসিক ভাৰসাম্য হেৰুৱায় পেলায় ।’’

সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে এই যাত্ৰাই ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে । অহা কেইদিনতো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিব । তেওঁ কয় যে এই যাত্ৰাক বাধা দিয়াৰ বাবে বিজেপিয়ে বিভিন্ন কূটকৌশল কৰি আছে । এই কূটকৌশলক কংগ্ৰেছ দলে ভয় নকৰে ।

ইফালে সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘আজি ৰাহুল গান্ধীয়ে মাজুলীৰ আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰসকলক লগ কৰি আশীৰ্বাদ লৈছে, বাৰ্তালাপ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেৱাৰ মনোভাৱ নাই । মাত্ৰ সম্পত্তি গঢ়াৰ লক্ষ্য ।‌ পৰিয়ালৰ নামত অবৈধভাৱে মাথোঁ সম্পত্তি গঢ়ি আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ দুৰ্নীতি তথা অন্যায়ৰ বিৰুদ্ধে এই যাত্ৰা ।’’

লগতে পঢ়ক:ৰাহুলৰ ন্যায় যাত্ৰাত আইন ভংগৰ অভিযোগ; যোৰহাটত প্ৰথমটো গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details