অসম

assam

By

Published : Jan 25, 2020, 7:44 PM IST

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

মাজুলীৰ জেংৰাইমুখ থানা চাৰিআলিৰ পৰা শনিবাৰে কংগ্ৰেছে বাহিৰ কৰে এক জনজাগৰণ যাত্ৰা ৷ এই যাত্ৰাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গ ৷

মাজুলী
জনজাগৰণ যাত্ৰা

মাজুলী,25 জানুৱাৰীঃ মাজুলীৰ জেংৰাইমুখ থানা চাৰিআলিৰ পৰা শনিবাৰে কংগ্ৰেছে বাহিৰ কৰে এক জনজাগৰণ যাত্ৰা ৷ এই যাত্ৰাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৰ্গ ৷ জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰা সহস্ৰাধিক লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ লগতে বিজেপি চৰকাৰ বিৰোধী শ্ল'গান দিয়ে উপস্থিত লোকসকলে ৷

মাজুলী সন্দৰ্ভত প্ৰতিক্ৰিয়া

আনহাতে,মাজুলী সন্দৰ্ভত ৰাজ্যসভাত মহাৰাষ্ট্ৰৰ সাংসদ ড০ বিনয় পি সহস্ৰবুদ্ধেইকৰা অপমানৰ বিৰুদ্ধে সৰৱ হৈ পৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাট ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাও বাচি নগ’ল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু অপূৰ্ব ভট্টাচাৰ্যই কৰা কঠোৰ সমালোচনাৰ পৰা ৷ জনজাগৰণ যাত্ৰাৰ কাৰ্যসূচীত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে ভোট বেংকৰ স্বাৰ্থত হিন্দু-বঙালীৰ পক্ষত বিজেপি চৰকাৰে সহযোগিতা আগবঢ়োৱা বুলি মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

লগতে চাওকঃশনিবাৰে হ্ৰাস পালে পেট্ৰ'ল, ডিজেলৰ মূল্য

ABOUT THE AUTHOR

...view details