অসম

assam

ETV Bharat / state

মাজুলীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ - মাজুলীৰ ফুলনি চাৰিআলি

মাজুলীৰ ফুলনি চাৰিআলিকে ধৰি মূদৈবিল গায়ন গাঁৱত কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে পদপথৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । মাজুলীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰে বিজেপি মিত্ৰজোঁটে প্ৰকাশ কৰা ইস্তহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ।

মাজুলীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ
মাজুলীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 18, 2021, 6:02 PM IST

মাজুলী,১৮ মাৰ্চ: ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ নিজ নিজ ৰণকৌশলেৰে প্ৰত্যেক ৰাজনৈতিক দল তথা প্ৰাৰ্থী এতিয়া নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷ ইয়াৰ ব্যতিক্ৰম ন'হল মাজুলীও । মাজুলীৰ পৰা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ নিৰ্বাচনী প্ৰচাৰ । অতি সীমিত সংখ্যক সমৰ্থকক লৈ বৃহস্পতিবাৰে মাজুলী সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যেক ঘৰৰ লগতে দোকান-পোহাৰ আদিত গৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

মাজুলীৰ ফুলনি চাৰিআলিকে ধৰি মূদৈবিল গায়ন গাঁৱত কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে পদপথৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । মাজুলীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে বিজেপি মিত্ৰজোঁটে প্ৰকাশ কৰা ইস্তাহাৰক লৈ মন্তব্য কৰি কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰে পাঁচ বছৰ আগতে নিৰ্বাচনী ইচ্ছ্যু হিচাপে যোৰহাট সংযোগী দলং হ'ব বুলি কৈছিল আৰু এতিয়ালৈকে দুবাৰ আধাৰশিলা স্থাপন কৰিলে । ইফালে ২০২১ বৰ্ষৰ নিৰ্বাচনী ইচ্ছ্যু হিচাপে মাজুলীত মেডিকেল কলেজ স্থাপন কৰা সন্দৰ্ভত ৰাজীৱ লোচন পেগুৱে কয় যে বৰ্তমান মাজুলীৰ স্বাস্থ্য খণ্ডত এজন ভাল বিশেষজ্ঞ চিকিৎসক নাই । তেওঁলোকে মাজুলীত কি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব ।

মাজুলীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে, ভূমি নীতি সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত ৰাজীব লোচন পেগুৱে কয় যে কাক তেওঁলোকে ভূমি পট্টা দিলে । বৰ্তমানেও কানিয়াজান, বটিয়ামাৰীকে ধৰি মাজুলীৰ বিভিন্ন স্থানত মথাউৰিৰ ওপৰত মানুহ থাকিবলগীয়া হৈছে, তেতিয়াহ’লে কোনে ভূমি পট্টা পালে ? বিজেপি চৰকাৰে অসমত আঁভুৱা ভাৰি আছে, তেওঁলোকে মিছা কথা কয়,সঁচা কথা নকয় বুলি ক্ষুৰধাৰ সমালোচনা কৰে পেগুৱে ।

উল্লেখ্য যে,২৭ মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শাসক দল বিজেপিৰ লগতে মূল বিৰোধী কংগ্ৰেছে নিজ নিজ দলৰ প্ৰচাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষোভ !

ABOUT THE AUTHOR

...view details