অসম

assam

ETV Bharat / state

মাজুলীত অব্যাহত আছে বিপদ সংকুল ৰচী টনা নাৱৰ যাত্ৰা - জেংৰাইমুখ ৰচী টনা নাৱেৰে যাত্ৰা

ৰাজ্যৰ উন্নয়নৰ দুখন ছবি, এখন ছবিত দেখা পাব জাক-জমকতাৰে ভৰা ৰাজপথৰ মহানগৰী আৰু আনখনত বিপদ সংকুল ৰচী টনা নাৱত যাত্ৰা কৰা যাত্ৰীৰ বিপদ সংকুল যাত্ৰা ৷ সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

commuters-travelling-in-boat-risking-their-life-at-jengraimukh
মাজুলীত অব্যাহত আছে বিপদ সংকুল ৰচী টনা নাৱৰ যাত্ৰা

By

Published : Sep 12, 2021, 3:46 PM IST

মাজুলী, 12 ছেপ্তেম্বৰ : এতিয়া ৰাজ্যত উন্নয়নৰ বতৰ চলিছে, আপোনাৰ চৌ-দিশে যেনিয়েই চকু দিব আপুনি দেখিব মাথোঁ উন্নয়ন ৷ সেইয়া লাগিলে শিক্ষা খণ্ডৰ জয়-জয় ময় ময় অৱস্থাই হওক, অপৰাধ দেখিলেই জপিয়াই পৰা আৰক্ষী বিভাগেই হওক নতুবা ৰোগীয়ে ৰোগৰ নিৰাময় বিচাৰিলেই বিশ্ব মানৰ সেৱা দিয়া স্বাস্থ্য বিভাগৰ উন্নয়েই হওক এক কথাত ক’বলৈ গ’লে ৰাজ্যবাসীৰ সুখেই সুখ ৷ পিছে ৰ’ব এইয়া আমাৰ ভাষ্য নহয় ৰাজ্যৰ শাসনৰ মছনদত বহি থকা শাসক দল বিজেপিৰ নেতা-পালি নেতাই সময়ে সময়ে দি অহা ভাষ্যৰ মাজত আপুনি দেখা পাব এইখন অসমৰ ছবি ৷

মাজুলীত অব্যাহত আছে বিপদ সংকুল ৰচী টনা নাৱৰ যাত্ৰা

পিছে, আজি আমি আপোনালৈ লৈ আহিছো ৰাজ্যৰ উন্নয়নৰ আন এখন ছবি ৷ ৰাজ্যৰ সকলোতে চলি থকা চকুত লগীয়া উন্নয়নৰ কথা কৈ চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিৱহন বিভাগৰ কথা নক’লেটো নহ’ব ৷ শেহতীয়াকৈ নিমাতীঘাটৰ শোকাৱহ ঘটনাৰ পিছত ৰাজ্যবাসী এইক্ষেত্ৰত ভালদৰেই অৱগত হৈছে ৷ সকলো ক্ষেত্ৰতে কোনো ডাঙৰ অঘটন সংঘটিত নোহোৱালৈকে কাম কৰিবলৈ ৰৈ থকাৰ অভিযোগ থকা ৰাজ্য চৰকাৰে যেন শেহতীয়া ঘটনাৰ পৰা এতিয়াও শিক্ষা লোৱা নাই ৷

শেহতীয়া ভয়াৱহ দুৰ্ঘটনাটোৰ পাচতো মাজুলীৰ একাংশই উপায়হীন হৈ নাৱেৰে বিপদসংকুল যাত্ৰা কৰি গৈছে ৷ মৰণকো যেন কেৰেপ কৰা নাই মাজুলীৰ এইসকল লোকে ৷ কিয়নো যাতায়াতৰ বাবে এইসকল লোকৰ হাতত যে অন্য কোনো বিকল্প নাই ৷ পূৰ্বেও কংগ্ৰেছ চৰকাৰৰ পৰা বহুকেইটা প্ৰলোভনৰ প্ৰতিশ্ৰুতিৰ লাভ কৰিছিল মাজুলীবাসী ৰাইজে ৷ কিন্তু ফলহে লাভ নকৰিলে এওঁলোকে ৷

উল্লেখযোগ্য যে, জিলাখনৰ খেৰকটীয়া নৈৰ ওপৰত আজিও ৰচী টনা নাৱেৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰাইজে ৷ লখিমপুৰ আৰু মাজুলীৰ মাজত অৱস্থিত জেংৰাইমুখ বৰপমুৱাৰ ঘাটটোৱে বহু কেইখন গাঁৱৰ সৈতে সংযোগ স্থাপন কৰে । মাজুলীৰ অন্য বহুকেইটা যাতায়াত সংযোগৰ লেখীয়াকৈ এই সংযোগী পথটোৰো যাতায়াতৰ একমাত্ৰ সাৰথি হৈছে ৰচী টনা নাওকেইখন ৷

উপায়হীন হৈ নাৱত ৰচী বান্ধি যাত্ৰীসকলক অনা-নিয়া কৰিছে নাৱৰীয়াই কিন্তু যিকোনো মূহুৰ্ততে এক অভাৱনীয় ঘটনা সংঘটিত হোৱাৰ আশংকা কৰে এইসকল যাত্ৰীয়েও ৷ গতিকে এই বিপদৰ কথা চিন্তা কৰি নাও চলাচলৰ পৰিৱৰ্তে এখন দলং নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ পিছে চৰকাৰে ঘোষণা কৰা দলং খন প্ৰকৃতাৰ্থত কেতিয়াকৈ নিৰ্মাণ হৈ উঠিব সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:ৰাজপথত কিয় নামিল maxi cab association ?

ABOUT THE AUTHOR

...view details