অসম

assam

By

Published : Nov 27, 2020, 10:24 PM IST

ETV Bharat / state

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চাৰি দিনীয়া ভ্ৰমণসূচীৰে নিজ সমষ্টি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীত।

cm-visited-majuli
মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলী, 27 নৱেম্বৰ :চাৰিদিনীয়া ভ্ৰমণসূচীৰে নিজ সমষ্টি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীত। শুকুৰবাৰে উপায়ুক্ত কাৰ্য‍্যলয়ৰ সভা কক্ষত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ শুভ উদ্ধোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৱেবছাইটৰ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে শ্ৰী শ্ৰী উত্তৰকমলাবৰী সত্ৰৰ সত্ৰাধিকাৰ, সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লগতে মাজুলীৰ জিলা প্ৰশাসনৰ বিষয়া । মুখ্যমন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰসংগত কয় যে, আগন্তুক দিনত মাজুলীৰ এই সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ জৰিয়তে অসমীয়া জাতিৰ সংস্কৃতি বিশ্ব দৰবাৰত আগুৱাই নিব লাগিব ।
এই কাৰ্যসূচীৰ পাছতে গড়মূৰত হস্ত শিল্প বিভাগৰ অধীনত চলি থকা সাঁচিপাতৰ কৰ্মশালাত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। উক্ত কৰ্মশালাত উপস্থিত হৈ তেওঁ সাঁচিপাতত লিখিবৰ বাবে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ প্ৰচেষ্টাক শলাগ লয় ।

লগতে পঢ়ক: কুটুহাৰ ভগামূৰত একেলগে দপদপাই জ্বলিল ৫ খনকৈ চিতা

ABOUT THE AUTHOR

...view details