মাজুলী, 6 মাৰ্চ : মাজুলীৰ খহনীয়া ৰোধৰ লগতে ভৌগোলিক সুৰক্ষাৰ বাবে সোণোৱাল চৰকাৰে মোকলাই দিয়া 238 কোটিটকীয়া আঁচনিত বেমেজালি । বাৰিষাৰ পূৰ্বে সমাপ্ত হ'বলগীয়া কামৰ 30 শতাংশও কাম সমাপ্ত কৰিব পৰা নাই ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীয়ে । বুধবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত টি কে কোম্পানীৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হৈ কামৰ খতিয়ান ললে মুখ্যমন্ত্ৰীগৰাকীয়ে । সভাতেই ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰী ৰ লগতে টি কে কোম্পানীক ধমক দিয়াৰ লগতে প্ৰশাসনৰ মুৰব্বী, অভিযন্তাসকলক কাম কাজসমূহ পৰিভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে যিকোনো মূল্যৰ বিনিময়তে মাজুলী সুৰক্ষা হ'বই লাগিব বুলিও উল্লেখ কৰে সোণোৱালে ।
বাৰিষা সমাগত, মাজুলীত শ্ৰমিকক মজুৰি নিদিয়াৰ ফলত বন্ধ বান্ধৰ কাম - সৰ্বানন্দ সোণোৱাল
যিকোনো মূল্যৰ বিনিময়তে মাজুলী সুৰক্ষা হ'বই লাগিবঃ সোণোৱাল
ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰী ৰ লগতে টি কে কোম্পানীক ধমক
উল্লেখ্য যে, 2018 বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা আঁচনিখন শেষ হোৱাৰ তাৰিখ আছিল 2019 চনৰ মে মাহত । যদিও কেন্দ্ৰীয় চৰকাৰে পুঁজি এৰি দিয়াৰ পাছতো টি কে কোম্পানীটোৱে শ্ৰমিকক মজুৰি নিদিয়াৰ ফলতে বন্ধ হৈ পৰি ৰৈছে কাম ।