মাজুলী,১৯ জুলাই : শুকুৰবাৰে বান পৰিস্থিতিৰ বুজ ল'বলৈ মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গড়মূৰৰ কাছাৰী ময়দানত বিশেষ হেলিকপ্তাৰেৰে অৱতৰণ কৰাৰ পাছতে পোনপ্ৰথমে দক্ষিণপাট কুমাৰ গাঁৱত উপস্থিত হৈ হাতীৰ গছকত প্ৰাণ হেৰুওৱা ৰুনু কলিতাৰ ঘৰত উপস্থিত হয় সোণোৱাল। ৰুণু কলিতাৰ মৃত্যুৰ বাবে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে ৪ লাখ টকাৰ এককালীন সাহাৰ্যও প্ৰদান কৰে তেওঁ । ইয়াৰোপৰি,আহত সকলক বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰাৰ লগতে সাহায্য প্ৰদানৰ কথা উল্লেখ কৰে তেওঁ। মুখ্যমন্ত্ৰীৰ সৈতে মাজুলীত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,বিধায়ক বিমল বৰা আৰু ৰনোজ পেগু ।
মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ব্ৰহ্মপুত্ৰ বৰ্ড
মাজুলীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্ৰহ্মপুত্ৰ বৰ্ডৰ কামৰ গাফিলতিত অসন্তুষ্ট হৈ ধমক দিলে কৰ্মচাৰীক ।
ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, অসমৰ বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য প্ৰদান কৰাৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে হাইলেণ্ড নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে । মাজুলীৰ খহি যোৱা শৈলস্পাৰ পৰ্যবেক্ষণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ হেমাহিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীকো ইয়াৰ বিষয়ে অৱগত কৰা হৈছে বুলি উল্লেখ কৰে সোণোৱালে । ইয়াৰোপৰি, স্থানীয় বিজেপি কৰ্মীয়ে বৰ্ডৰ দুৰ্নীতি তথা অনিয়মৰ কথা উল্লেখ কৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্ডক ধমক দিয়ে আৰু পুঁজিৰ যথাযোগ্য ব্যৱহাৰৰ লগতে উন্নত মানৰ কাম কৰিবলৈ নিৰ্দশ প্ৰদান কৰে।