মাজুলী,21মে': প্ৰতিকূল বতৰকো নেওচি আজি মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷মাজুলীৰ আঁহতগুৰি পঞ্চায়ত আৰু দক্ষিণ আঁহতগুৰি পঞ্চায়তত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে পঞ্চায়ত দুখনৰ আওহতীয়া চাপৰি অঞ্চল সমূহ পৰিদৰ্শন কৰে । ইয়াৰ লগতে দুয়োখন গাঁও পঞ্চায়তৰ জনসাধাৰণে বাৰিষাকালত বিশেষ ভাৱে উপকৃত হ'ব পৰাকৈ ২২টাকৈ বান আশ্ৰয় কেন্দ্ৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা প্ৰায় ২.৩৭ কোটি টকাৰ চেক নিৰ্মাণ সমিতিসমূহক প্ৰদান কৰে। তদুপৰি মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰাই আঁহতগুৰি গাঁও পঞ্চায়তৰ দুখনকৈ খহনীয়াত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান চেচুগুৰিৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয় আৰু মিছামৰাৰ ২নং চেঙেলীসূঁতি প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ৯.৯৭ লাখ টকাকৈ দুয়োখন বিদ্যালয়কে অনুদানৰ চেক প্ৰদান কৰে। আনহাতে মুখ্যমন্ত্ৰী সোণোৱালে আঁহতগুৰিৰ বৰুৱাচুক নামঘৰ নিৰ্মাণৰ বাবেও ৩ লাখ টকাৰ অনুদান আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ অনুদান লাভ কৰি এতিয়া মাজুলীৰ আঁহতগুৰি বাসীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷
প্ৰতিকূল বতৰকো নেওচি মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - বান আশ্ৰয় কেন্দ্ৰ
বাৰিষাকালত বিশেষ ভাৱে উপকৃত হ'ব পৰাকৈ ২২টাকৈ বান আশ্ৰয় কেন্দ্ৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা প্ৰায় ২.৩৭ কোটি টকাৰ চেক নিৰ্মাণ সমিতিসমূহক প্ৰদান কৰে। তদুপৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰাই আঁহতগুৰি গাঁও পঞ্চায়তৰ দুখনকৈ খহনীয়াত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান চেচুগুৰিৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয় আৰু মিছামৰাৰ ২নং চেঙেলীসূঁতি প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ৯.৯৭ লাখ টকাকৈ দুয়োখন বিদ্যালয়কে অনুদানৰ চেক প্ৰদান কৰে। আনহাতে মুখ্যমন্ত্ৰী সোণোৱালে আঁহতগুৰিৰ বৰুৱাচুক নামঘৰ নিৰ্মাণৰ বাবেও ৩ লাখ টকাৰ অনুদান আগবঢ়ায় ৷
![প্ৰতিকূল বতৰকো নেওচি মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল CM Sarbananda Sonowal visit Majuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7294898-thumbnail-3x2-cm.jpg)
প্ৰতিকূল বতৰকো নেওচি মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰতিকূল বতৰকো নেওচি মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ইপিনে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসমবাসীক শৃংখলবদ্ধভাৱে আগন্তুক দিনবোৰত কাম-কাজ সমূহ নিয়াৰিকৈ কৰি যোৱাৰ বাবে বিশেষভাৱে আহ্বান জনায় ৷
লগতে পঢ়কঃপ্ৰত্যেক জিলাৰ সমষ্টিত কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰস্তুতিঃ কেশৱ মহন্ত