অসম

assam

ETV Bharat / state

মাজুলীত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে - সৰ্বানন্দ সোণোৱালে

বুধবাৰে মাজুলী জিলাত আনুষ্ঠানিকভাৱে স্বায়ম আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মাজুলীৰ দৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত জিলাস্তৰীয় শুভাৰম্ভণি অনুষ্ঠানত জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ একোগৰাকীকৈ নিৰ্বাচিত হিতাধিকাৰীক এই আঁচনিৰ অধীনত চেক বিতৰণ কৰে ৷

as_maj_cm-sarbananda-sonowal-iaugurates-swyam-scheme-at-majuli_vis_as10026
মাজুলীত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে

By

Published : Feb 3, 2021, 10:23 PM IST

মাজুলী,3 ফেব্ৰুৱাৰী: ৰাজ্যত উদ্যমী যুৱ-যুৱতীসকলক উৎপাদনমূলক কামকাজৰ জৰিয়তে আত্মসংসংস্থাপনৰ সুযোগ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে ঘোষণা কৰিছে 'ন-ৰূপত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনা' আঁচনি ৷ বুধবাৰে মাজুলী জিলাত আনুষ্ঠানিকভাৱে স্বায়ম আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মাজুলীৰ দৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত জিলাস্তৰীয় শুভাৰম্ভণি অনুষ্ঠানত জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ একোগৰাকীকৈ নিৰ্বাচিত হিতাধিকাৰীক এই আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয় ৷

মাজুলীত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে

উল্লেখ্য যে, জিলাখনৰ ২২২টা আত্মসহায়ক গোটৰ মুঠ ১,৬০০ গৰাকী সদস্যক ন-ৰূপত স্বয়মৰ হিতাধিকাৰী হিচাপে ইতিমধ্যে জিলাস্তৰীয় বাচনি সমিতিয়ে নিৰ্বাচন কৰিছে । বুধবাৰৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল লখিমপুৰৰ সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱাদেৱ, মাজুলীৰ উপায়ুক্ত শ্ৰী বিক্ৰম কৈৰী, আইএএছ, দেউৰি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমাধৱ দেউৰী আৰু মাজুলী জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী পাপু দত্ত হাজৰিকা ৷

লগতে পঢ়ক-চাইকেল ৰেলীত অংশগ্ৰহণ কৰি নিৰাপত্তাৰক্ষীক কিয় ধমক দিলে মন্ত্ৰী হিমন্তই ?

ABOUT THE AUTHOR

...view details