মাজুলী,21মাৰ্চ:শনিবাৰে সন্ধিয়া নিজা সমষ্টি মাজুলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মাজুলীৰ ফুলনিত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনক লৈ দলীয় নেতা-কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল ৷ এই সভাতে কংগ্ৰেছৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰি বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়েও যোগদান কৰে বিজেপিত ৷ ইপিনে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৷ কংগ্ৰেছৰ দিনত ৰাজ্যত কোনোধৰণৰ উন্নয়ন নহ'ল বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
দলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ক্ষুৰধাৰ সমালোচনা
শনিবাৰে সন্ধিয়া নিজ সমষ্টি মাজুলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মাজুলীৰ ফুলনিত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনক লৈ দলীয় নেতা-কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল ৷ এই সভাতে কংগ্ৰেছৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰি বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়েও যোগদান কৰে বিজেপিত ৷

দলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
দলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
উল্লেখযোগ্য যে, অহা 22 মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ যাৰ পৰিপ্ৰেক্ষিতত অমিত শ্বাহে অংশ গ্ৰহণ কৰিবলগীয়া সভাস্থলী নিজে পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি মাজুলীৰ ফুলনিত অনুষ্ঠিত হ'ব লগা এই বিশাল জনসভাত প্ৰায় 1লাখৰো অধিক লোক উপস্থিত থাকিব ৷