মাজুলী, 28 নৱেম্বৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত অথন্তৰ ৷ ভাষণ প্ৰদান কৰোতেই বন্ধ হৈ থাকিল মাইক্ৰ'ফোন ৷ শনিবাৰে মাজুলীৰ আজলী আই থানত অনুষ্ঠিত কৰা হৈছিল মুখ্যমন্ত্ৰীৰ এখন বিশেষ সভা ৷ কিন্তু সেই সভাতে ঘটিল অথন্তৰ ৷ মাইক্ৰ'ফোনৰ বাবেই এঘন্টা ধৰি স্তব্ধ হৈ থাকিল মুখ্যমন্ত্ৰীৰ জনসভা ৷
উল্লেখ্য যে, সদৌ অসম মায়াময়া সাংস্কৃতিক সমাজ আৰু আজলী আই বা ভগা থান পৰিচালনা সমিতিৰ যৌথ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পূজিৰ ধন ব্যয়ৰে আজলী আই বা ভগা থানৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু আন্ত:গাঠনিৰ উন্নয়নৰ আধাৰশিলা স্থাপন আৰু উদ্ধোধন কৰা উদ্দেশ্যে গৃহ সমষ্টিলৈ আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্মূখীন হয় এই অথন্তৰৰ।