মাজুলী, 4 মাৰ্চ: মাজুলী উপ-নিৰ্বাচনত(Majuli by election) ভূৱন গামক জয়ী কৰাবলৈ উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সৰ্বমুঠ 10 খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলগীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰৰে পৰা বাহৰ পাতিছে মাজুলীত(Himanta Biswa Sarma in Majuli) ৷ শুকুৰবাৰে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভূবন গামক ভোটদান কৰিবলৈ মাজুলীবাসীক আহ্বান জনাই কয় যে, জাতীয় পৰিষদৰ চৰকাৰটো বাদেই, গাওঁবুঢ়াও তেওলোকৰ দলত নাই ৷
পুনৰ এবাৰ ডাবল ইঞ্জিনৰ প্ৰসংগ উলিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ভূৱন গাম জয়ী হ’লে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োটা ইঞ্জিনৰ দ্বাৰা পৰিচালিত হ’ব ভূৱন গাম ৷ আনহাতে 2026 চনৰ ভিতৰত মাজুলী সংযোগী দুখন দলং(Majuli connecting bridge) সম্পূৰ্ণ হ’ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শুকুৰবাৰৰ প্ৰচাৰ সভাৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী ঐক্য প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ক্ষুৰধাৰ সমালোচনা কৰে । লগতে তেওঁ কয়, বিজেপি চৰকাৰে কথা দিয়া মতে কাম কৰি দেখুৱাইছে । বিজেপি চৰকাৰৰ এই কেইটা বছৰতে মাজুলীৰ ৰাস্তা-ঘাট বহু পৰিমাণে উন্নত হৈছে ৷ তাৰোপৰি মাজুলীত শিক্ষা বিভাগৰ পৰা আদি কৰি বহুকেইটা বিভাগত যথেষ্ট কাম হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।