মাজুলী 16 এপ্ৰিল :আজি মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে পোনে পোনে গড়মুৰৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয় ত স্থাপিত আইছ'লেশ্যন কক্ষ পৰিদৰ্শনকৰে ৷ কভিড ১৯ৰ চিকিৎসাৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লয় ৷ ইয়াৰ পিছত মাজুলী জিলা "উপায়ুক্তৰ সভাকক্ষত মাজুলী স্বাস্থ্য খণ্ডৰ উচ্চ পদস্থ বিষয়া,জিলা উপায়ুক্ত আৰু ক'ৰণা ভাইৰাছ প্ৰতিৰোধৰ লগত জড়িত বিভিন্ন বিষয়াৰ আলোচনাত মিলিত হয় ৷ সভাত মুখ্য মন্ত্ৰী জনে মাজুলীৰ সকলো স্তৰৰ নাগৰিকৰ স্বাস্থ্যৰ নিৰাপত্তা,দৈনন্দিন খাদ্য ব্যৱস্থা,কোৱাৰেন্টাইনত থকা লোক সকলৰ স্বাস্থ্য অৱস্থাৰ পৰ্যালোচনা কৰে ৷
মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - উন্নত স্বাস্থ্য ক্ষেত্ৰৰ গুৰুত্ব
সৰ্বানন্দ সােণােৱালে গড়মুৰৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত স্থাপিত আইছ'লেশ্যন কক্ষ পৰিদৰ্শন কৰে ৷ বিভিন্ন বিষয়াৰ আলোচনাত মিলিত হৈ পৰিস্থিতিৰ তদাৰক কৰে ৷ ৰাইজক সামাজিক দুৰত্ব বৰ্তাই ৰাখিবৰ বাবে আহ্বান জনাই ৷
মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মুখ্যমন্ত্ৰী জনে জৰুৰীকালিন আৰু অত্যৱশ্যকীয় সেৱাৰ চোৱাচিতা কৰা,উন্নত স্বাস্থ্য ক্ষেত্ৰৰ গুৰুত্ব,আৰক্ষী স্বাস্থ্য কৰ্মীক প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰে লগতে যোগান বিভাগৰ তৰফৰ পৰা বিনামূলীয়া চাউল বিতৰণৰ ব্যৱস্থা শাক পাচলিৰ যোগানৰ যাৱতীয় ব্যৱস্থা,চেনিটাইজেশ্যনত গুৰুত্ব প্ৰদান কৰি চাহ বাগিচাৰ কাম,শ্ৰমিক আৰু খেতিয়কে সামাজিক দুৰত্ব বৰ্তাই ৰাখি কৃৃৃৃষি কৰ্ম কৰাৰ আহ্বান জনাই মুখ্য মন্ত্ৰীজনে ৷
লগতে পঢক : ভুৱা বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ সাংবাদিক