অসম

assam

ETV Bharat / state

CM in Majuli: মাজুলীৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ঘোষণা মুখ্যমন্ত্ৰীৰ - development project in Majuli

900কোটি টকা ব্যয় সাপেক্ষে মাজুলীত কেইবাটাও গুৰুত্বপূৰ্ণ পথ, মথাউৰি, শক্তি প্ৰকল্প, পৰ্যটন প্ৰকল্পৰ কাম আৰম্ভ চৰকাৰৰ ৷ মাজুলী বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে 50কোটি টকাৰো ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ পৰিৱৰ্তে এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবেহে চৰকাৰে চিন্তা কৰি থকা বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

CM in Majuli
মাজুলীৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্ব প্ৰকল্প ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Dec 11, 2022, 6:33 PM IST

মাজুলীৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্ব প্ৰকল্প ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

মাজুলী, 11 ডিচেম্বৰ: মাজুলী-উত্তৰ লখিমপুৰ সংযোগী চেলেক ধুনাগুৰী দলঙৰ ভূমি পূজন কৰি দেওবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Majuli-North Lakhimpur bridge) ৷ ৬৯৪ কোটি টকা ব্যয় সাপেক্ষে হ’ব লগা লুইত আৰু সোৱণশিৰি নদীৰ ওপৰত দুখন দলঙৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য- ‘50কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব মাজুলী বিশ্ববিদ্যালয়’(Majuli University) ৷ ইয়াৰ লগতে, মাজুলীত কেইবাটাও গুৰুত্বপূৰ্ণ পথ, মথাউৰি, শক্তি প্ৰকল্প, পৰ্যটন প্ৰকল্পৰ কাম আৰম্ভ কৰা বুলিও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, এই আটাইকেইটা প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব সৰ্বমুঠ 900কোটি টকা(Fund allotted for development of Majuli) ৷ মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ পৰিৱৰ্তে এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবেহে চৰকাৰে চিন্তা কৰি থকা বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

সাংস্কৃতিক বিশ্ববিদ্যালয় হৈ উঠাৰ পিছতে পৰ্যায়ক্ৰমে সংযোজন ঘটোৱা হ’ব কলা, বিজ্ঞান আৰু বাণিজ্য শাখা ৷ ‘‘সাংস্কৃতিক বিষয়ত স্নাতকোত্তৰ লাভৰ পিছতো বহু সময়ত সংস্থাপন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়, সেয়েহে এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয় নিৰ্মাণৰ চিন্তা-চৰ্চা চলি আছে, ইয়াৰ বাবে পৰ্যায়ক্ৰমে 200টকা অনুমোদন দিব চৰকাৰে’’- ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) ৷

উল্লেখ্য যে, সোমবাৰে হাইলাকান্দিত অস্ত্ৰ সম্বৰণ কৰিব 1100 ‘ব্ৰু ৰিয়াং’ উগ্ৰপন্থী গোটৰ সদস্যই(Bru, Reang) ৷ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰি কয় যে এই অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকা ৷

ইফালে, আজিৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, নন্দিতা গাৰ্লোচা, ৰনোজ পেগু, বিধায়ক ভুবন গাম, নৱ দলে, অমিয় ভূঞা, মানৱ ডেকা আৰু সাংসদ প্ৰদান বৰুৱা ৷

লগতে পঢ়ক:3 years of CAA protest in Assam: যোৰহাটত আছুৰ ক'লা পতাকা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details