মাজুলী, 16 মে': দেশজুৰি অব্যাহত থকা লক ডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে নদীদ্বীপ মাজুলীৰ শালমৰাবাসী ৰাইজৰ মাজত ৷ বিগত প্ৰায় 2 মাহ লক ডাউন বাহাল থকাৰ বাবে হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে মৃৎশিল্পৰে জীৱিকাৰ পথ মুকলি কৰা প্ৰায় 5 শতাধিক মৃৎ শিল্পীৰ পৰিয়াল ৷ হাট-বজাৰ সকলো বন্ধ হৈ পৰাৰ বাবে এতিয়া নদীৰ পাৰত নষ্ট হ'বলৈ ধৰিছে শিল্পী সকলে বিক্ৰীৰ বাবে প্ৰস্তুত কৰি ৰখা লাখ লাখ পাত্ৰ ৷ উল্লেখ্য যে, অক্টোবৰ, নৱেম্বৰ মাহত খৰালি আৰম্ভ হোৱাৰ লগে লগে কুমাৰ মাটি সংগ্ৰহ কৰি জানুৱাৰী, ফেব্ৰুৱাৰী মাহলৈ কলহ, টেকেলিৰ নিৰ্মান সম্পূৰ্ণ কৰি ফেব্ৰুৱাৰী, মাৰ্চ মাহলৈ বিক্ৰীৰ বাবে উলিয়াই দিয়ে এই সকল শিল্পীয়ে ৷ বছৰৰ প্ৰায় ছয়মাহ সময় বান খহনীয়াৰ লগত সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰা এই মৃৎশিল্পী সকলে খৰালিতেই বহাগ বিহুৰ পূৰ্বে বিক্ৰীৰ কাম সম্পূৰ্ণ কৰি বছৰৰ পৰৱৰ্তী মাহ কেইটাৰ বাবে অৰ্থ সংগ্ৰহ কৰে ৷ কিন্তু লক ডাউনৰ ফলত শালমৰা বাসীয়ে নিৰ্মাণ কৰা সকলো সামগ্ৰী নিৰ্মাণ থলীতেই থাকি যোৱাৰ ফলত এতিয়া শালমৰাৰ প্ৰায় 5 শতাধিক পৰিয়ালৰ মাজত সৃষ্টি হৈছে পানীত হাঁহ নচৰা অৱস্থাৰ ৷
লক ডাউনৰ বাবে মহাসংকটত মাজুলীৰ মৃৎশিল্পীঃ চৰকাৰলৈ সহায় ভিক্ষা - Clay artist in danger amid Lockdown in Majili
বিগত প্ৰায় 2 মাহ লক ডাউন বাহাল থকাৰ বাবে হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে মৃৎশিল্পৰে জীৱিকাৰ পথ মুকলি কৰা প্ৰায় 5 শতাধিক মৃৎশিল্পীৰ পৰিয়াল ৷ হাট-বজাৰ সকলো বন্ধ হৈ পৰাৰ বাবে এতিয়া নদীৰ পাৰত নষ্ট হ'বলৈ ধৰিছে শিল্পী সকলে বিক্ৰীৰ বাবে প্ৰস্তুত কৰি ৰখা লাখ লাখ পাত্ৰ ৷
ইফালে বাৰিষা সমাগত হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰত ক্ৰমত বাঢ়িছে পানী ৷ বৰ্তমান নদীৰ পাৰত পৰি থকা সামগ্ৰী সমূহ অনাগত বানত সমূলি নিঃশেষ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাত উদ্বিগ্ন হৈ পৰিছে এই দুৰ্ভগীয়া পৰিয়াল সমূহ ৷ ইতিমধ্যেই প্ৰবল বৰষুণ , ধুমুহাই মাটিৰ পাত্ৰ সমূহৰ অধিকাংশই ধ্বংস কৰাত চকুৰ পানীৰে বাট নেদেখা অৱস্থা হৈছে পৰিয়াল সমূহৰ ৷ উপায়ন্তৰ হোৱা পৰিয়াল সমূহে মাজুলী জিলা উপায়ুক্তক ব্যৱসায় আৰম্ভ কৰিবলৈ অনুমতি বিচাৰি পত্ৰ প্ৰদান কৰাত মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ে ব্যৱসায়লৈ যাব পাৰিব বুলি মৌখিক ভাৱে জনায়েই দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰ বাবে কোনো লিখিত কাগজ প্ৰদান নকৰাত মাজুলী এৰি অন্য জিলালৈ যাবলৈ ভয় কৰা বুলি জনাইছে ব্যৱসায়ী সকলে ৷ ভুক্তভোগী পৰিয়াল সমূহৰ মতে নৌকা বণিজৰ বাবে প্ৰায় এক সপ্তাহ সময়ৰ অনুমতি পালেই অধিকাংশ মাটিৰ পাত্ৰ দক্ষিণপাৰলৈ বিক্ৰীৰ বাবে নিব পাৰিব তেঁওলোকে ৷ উপায়হীন হৈ পৰা মৃৎ শিল্পী সকলে এই পাত্ৰ সমুহ বিক্ৰীৰ বাবে তাৎক্ষণিক ভাৱে যাৱতীয় ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে ৷
লগতে পঢ়কঃ তেতেলীসৰাত গণ শিল্পী সূৰ্য দাসৰ খাদ্য সামগ্ৰী বিতৰণ