মাজুলী, 18 ডিচেম্বৰ :2018 বৰ্ষত মাজুলীত সংঘটিত হৈছিল গীৰ্জা ভাঙি পেলোৱাৰ এক কাণ্ড ৷ এই কাণ্ডৰ সৈতে মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নাম সাঙোৰ খাই পৰিছিল ৷ গোস্বামীয়ে মাজুলীৰ খ্ৰীষ্টান অধ্যুষিত এলেকাত বিভিন্ন সভা অনুষ্ঠিত কৰি আহিছিল ৷
কিন্তু এই কাণ্ডক সহজভাৱে ল'ব পৰা নাছিল মাজুলীৰ একাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ৷ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ তৰিছিল প্ৰশান্ত পায়েং নামৰ যুৱকজনে ৷ তেখেতৰ বিৰুদ্ধে ৩৫/২০১৯/ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৪৪৭,২৯৫,২৯৮,২৯৪,৪২৭,৫০৬/৩৪ চিআৰডব্লিউ আৰু ৩৫৭ চিআৰপিচি ধাৰাত গোচৰ ৰুজু কৰে মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে ।
গীৰ্জা ভঙাৰ গোচৰত অভিযুক্ত হোৱা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে থকা গোচৰৰ আজি ৰায়দান আগবঢ়াই মাজুলী মহকুমা সত্ৰ ন্যায়াধীশৰ আদালতে । সত্ৰাধিকাৰ গৰাকীক দোষী সাব্যস্ত কৰি ১০৫০০ টকা জৰিমনা বিহিলে আদালতে ।