মাজুলী,23 : জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এটি কণমানি শিশুৰ। শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় মাজুলী পতিয়ৰি গাঁৱৰ নিবাসী চুৰেণ বৰা আৰু নিতুমনি বৰাৰ 11 মহীয়া পুত্ৰ পল্লৱ বৰাৰ৷
মাজুলীত শিশুক ভুল প্ৰতিষেধক! - স্বাস্থ্য বি
পৰিয়ালৰ লোকে অভিযোগ কৰে যে শিশুটিক স্বাস্থ্য কেন্দ্ৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক যোগান নোহোৱাৰ অজুহাতত জাপানীজ এনকেফেলাইটিছৰ পৰিৱৰ্তে প্ৰদান কৰা হৈছিল অন্য এক প্ৰতিষেধক । ইয়াৰ ফলতে কণমানি শিশুটি অকাল মৃত্যুক সাৱতি লয়।

তথাপিও যে, গা লৰা নাই মাজুলী স্বাস্থ্য বিভাগৰ । আজি চাৰিদিন পুৰ্বে শিশুটিৰ ওচৰ চুবুৰীয়াৰ 8 টা পৰিয়ালৰ তেজৰ নমুনা সংগ্ৰহতে দ্বায়িত্ব সামৰিছে। সজাগতা, প্ৰতিষেধক বা মহৰ উৎস নিৰ্মূলৰ কোনো দিহা কৰা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টিৰ স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ এই নিৰ্লিপ্ত ভূমিকাত আতংকিত হৈ পৰিছে মাজুলীবাসী।