মাজুলী,18 মাৰ্চ:সৰ্বানন্দক "ছিণ্ডিকেটৰ আনন্দ" আখ্যা ভূপেশ বাঘেলৰ ৷ "সৰ্বানন্দ ছিণ্ডিকেট কে আনন্দ, সৰ্বানন্দ কয়লা ছিণ্ডিকেট কে আনন্দ, সৰ্বানন্দ চুপাৰী ছিণ্ডিকেট কে আনন্দ" বুলি কটাক্ষ কৰি ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিজেপিয়ে অসমবাসীক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ কৰে ৷ মাজুলীৰ গড়মূৰত কংগ্ৰেছৰ এক জনসভাত অংশ লৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্বানন্দ সোণোৱালক এনেদৰে কটাক্ষ কৰাৰ বাবে লক্ষ্য কৰি লয় ৷
সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্যান্য সমষ্টিসমূহত প্ৰাৰ্থীসকলৰ প্ৰতিদ্বন্দ্বিতাৰ চৰ্চাত থকাৰ মাজতে 99 নং মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ পৰিছে ৷ কাৰণ এইবাৰ এই সমষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে কংগ্ৰেছৰ হৈ আগবাঢ়ি আহিছে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ৷