মাজুলীত গজেন্দ্ৰ সিং শেখাৱট - majuli
অসমৰ বান পৰিস্থিতিৰ নামত কোনো অৰ্থ সাহাৰ্য ঘোষণা কৰা নাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে
মাজুলী, 16 জুলাইঃ মঙলবাৰে বন্যাৰ্তৰ সকলৰ কাষত উপস্থিত হ'ল কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট ৷ সমগ্ৰ অসমৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। হেলিকপ্তাৰ যোগে মাজুলীত আহি উপস্থিত হোৱা মন্ত্ৰী গজেন্দ্ৰ সিঙে পোনে পোনে আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিৱিৰ পৰিভ্ৰমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ভবেশ কলিতাই। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ কৰ্মৰাজিৰ শলাগ লৈ অসম চৰকাৰৰ সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু আছে বুলি মন্তব্য কৰে ৷ কিন্তু বৰ্তমানলৈ অসমৰ বান পৰিস্থিতিৰ নামত কোনো অৰ্থ সাহাৰ্য ঘোষণা কৰা নাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি মঙলবাৰে মাজুলী আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত ৰঞ্জিত দত্তকে ধৰি চাৰিগৰাকী মন্ত্ৰীয়ে বান পীড়িতসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ যদিও মাজুলীৰ বান বিধস্ত আন অঞ্চল সমূহ পৰিভ্ৰমণ কৰাৰ পৰা বিৰত থাকে ৷