অসম

assam

By

Published : Oct 19, 2022, 3:48 PM IST

Updated : Oct 19, 2022, 4:41 PM IST

ETV Bharat / state

Janardan Deva Goswami controversy: জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে মাজুলীত অধ্যাপকৰ গোচৰ

পৰাগ কলিতা নামৰ এজন অধ্যাপকে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰে । মাজুলীৰ গড়মূৰ থানাত এজাহাৰ দাখিল কৰে অধ্যাপক কলিতাই (case against Janardan Deva Goswami) । আনহাতে, মাজুলীৰ লগতে অসমৰ জনসাধাৰণৰ ওচৰত সত্ৰাধিকাৰগৰাকীয়ে ক্ষমা খুজিলে এজাহৰ উঠাই ল'ব বুলিও কয় অধ্যাপকগৰাকীয়ে ।

Majuli
Majuli

মাজুলী, ১৯ অক্টোবৰ : জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰক চুড়ান্ত অপমান ! শংকৰদেৱ হৈছে মল্লযোদ্ধা ! শংকৰদেৱ সাঁতোৰবিদ ! মাজুলীৰ দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দ্ন দেৱগোস্বামীৰ এয়া হৈছে অদ্ভূত মন্তব্য (Janardan Deva Goswami controversy) । এতিয়া জনাৰ্দ্দন দেৱগোস্বামীৰ এনেবোৰ উদ্ভট মন্তব্যৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াক সৃষ্টি হৈছে সত্ৰ নগৰী মাজুলীত ।

কেৱল সিমানেই নহয়, পৰাগ কলিতা নামৰ এজন অধ্যাপকে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰে । মাজুলীৰ গড়মূৰ থানাত এজাহাৰ দাখিল কৰে অধ্যাপক কলিতাই (case against Janardan Deva Goswami) । আনহাতে, মাজুলীৰ লগতে অসমৰ জনসাধাৰণৰ ওচৰত সত্ৰাধিকাৰগৰাকীয়ে ক্ষমা খুজিলে এজাহৰ উঠাই ল'ব বুলিও কয় অধ্যাপকগৰাকীয়ে । লগতে তেওঁৰ দাবী, জনাৰ্দ্দন দেৱগোস্বামী মাজুলীৰ অভিভাৱক নহয় । গতিকে যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈও তেওঁ সকীয়াই দিয়ে ।

Janardan Deva Goswami controversy: জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে মাজুলীত অধ্যাপকৰ গোচৰ

উল্লেখ্য, শেহতীয়া সময়ছোৱাত ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ (Dakhinpat Satra Majuli) সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে । প্ৰথমে মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগে বুলি দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে (Satradhikar Janardan Deva Goswami) মন্তব্য কৰাৰ পাছত সত্ৰাধিকাৰজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যবাসী ৷

এই বিতৰ্ক অব্যাহত থাকোঁতেই পুনৰ অন্য এক বিতৰ্কিত মন্তব্য কৰে সত্ৰাধিকাৰগৰাকীয়ে ৷ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ (Srimanta Sankardev) সন্দৰ্ভতো বিতৰ্কিত মন্তব্য কৰে জনাৰ্দ্দন দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীৰ মতে, শংকৰদেৱ গুৰু নহয় ৷ শংকৰদেৱ এজন মহাপুৰুষ, বিজ্ঞানী, অসমৰ প্ৰথম ক্ৰীড়াবিদ । ইয়াতকৈও এখোপ ওপৰলৈ গৈ মহাপুৰুষসকল ধৰ্ম নিৰপেক্ষ নাছিল বুলিও বিস্ফোৰক মন্তব্য কৰে জনাৰ্দ্দন দেৱগোস্বামীয়ে (Janardan Deva Goswami comments on Sankardev) ।

উল্লেখ্য, শ্ৰীমন্ত শংকৰদেৱক ধর্ম নিৰপেক্ষ নাছিল বুলি সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য আগবঢ়োৱাৰ পাছতেই অধিক জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্নজন । সত্ৰাধিকাৰগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰি বিতৰ্কত থাকি ভালপায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ স্থানীয় লোকে । জনাৰ্দ্দন দেৱগোস্বামীয়ে জানি-বুজি এনেকুৱা মন্তব্য আগবঢ়াই সদায় চৰ্চাত থাকিবলৈ বিচাৰে বুলি কয় মাজুলীৰ স্থানীয় লোক দীপক গোস্বামীয়ে ।

এইখিনিতে উল্লেখ কৰি থওঁ যে 2018 বৰ্ষত মাজুলীত সংঘটিত হৈছিল গীৰ্জা ভাঙি পেলোৱাৰ এক কাণ্ড ৷ এই কাণ্ডৰ সৈতে মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ নাম সাঙোৰ খাই পৰিছিল ৷ গোস্বামীয়ে মাজুলীৰ খ্ৰীষ্টান অধ্যুষিত এলেকাত বিভিন্ন সভা অনুষ্ঠিত কৰি আহিছিল ৷ কিন্তু এই কাণ্ডক সহজভাৱে ল'ব পৰা নাছিল মাজুলীৰ একাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ৷

সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰ তৰিছিল প্ৰশান্ত পায়েং নামৰ যুৱকজনে ৷ তেখেতৰ বিৰুদ্ধে ৩৫/২০১৯/ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৪৭,২৯৫,২৯৮,২৯৪,৪২৭,৫০৬/৩৪ চিআৰডব্লিউ আৰু ৩৫৭ চিআৰপিচি ধাৰাত গোচৰ ৰুজু কৰে মাজুলী মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালতে । গীৰ্জা ভঙাৰ গোচৰত অভিযুক্ত হোৱা সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ বিৰুদ্ধে থকা গোচৰৰ ৰায়দান আগবঢ়াই মাজুলী মহকুমা সত্ৰ ন্যায়াধীশৰ আদালতে সত্ৰাধিকাৰগৰাকীক দোষী সাব্যস্ত কৰি ১০৫০০ টকা জৰিমনা বিহে ।

লগতে পঢ়ক :FIR against Janardan Deva Goswami: সত্ৰাধিকাৰ জনাৰ্দ্দনৰ্দ্দ দেৱগোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজ

Last Updated : Oct 19, 2022, 4:41 PM IST

ABOUT THE AUTHOR

...view details